বাঁহ,কাঠৰে এটা দমকল নিৰ্মাণ কৰিছে এজন যুৱকে,কিন্তু ক’ত

0 262

বাঁহ,কাঠ আৰু প্লাষ্টিকৰ সহায়ত ঘৰুৱাভাৱে এটা দমকল নিৰ্মাণ কৰি উলিয়াই চৰ্চা আহিছে ধেমাজিৰ এজন যুৱকে। ধেমাজি জিলাৰ জোনাই মহকুমাৰ জোনাই বজাৰ পঞ্চায়তৰ ৩ নং মুৰ্কংচেলেক হাতীজান বালাবাৰী গাঁৱৰ বলৰাম বসুমতাৰী নামৰ যুৱকজনে ঘৰুৱাভাৱে এটা দমকল নিৰ্মাণ কৰি উলিয়াইছে।
 
 
কোনো ধৰণৰ কাৰিকৰী জ্ঞান নোহোৱাকৈয়ে এই  যুৱকজনে নিজা প্ৰচেষ্টাত অতি কম খৰছতে নিৰ্মাণ কৰি উলিওৱা এই দমকলটো মানুহে ব্যৱহাৰ কৰি থকা দমকলতকৈ বহু পৰিমানে উপযোগী। জানিব পৰা মতে যুৱকজনে যোৱা দুবছৰ ধৰি এই দমকলটো ব্যৱহাৰ কৰি আহিছে।
চৰকাৰী কোনোধৰণৰ আঁচনিয়ে ঢুকি নোপোৱা অঞ্চলটোত এই যুৱকজনে খোৱা পানীৰ অসুবিধা অনুভৱ কৰি এই ব্যতিক্ৰমী দমকলটো নিৰ্মাণ কৰি উলিয়াইছে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.