বশিষ্ঠ মন্দিৰ চৌহদত এছ এছ বি ৰ চাফাই অভিযান

0 303

এছ এছ বি খানাপাৰাস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত ১৫ ছেপ্টেম্বৰৰ পৰা স্বচ্ছতা পষেক পালন কৰা হয়। বিভিন্ন কাৰ্যসূচীৰে পালন কৰা এই পষেক ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা সামৰণি পৰিব । আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২৬ ছেপ্টেম্বৰত বশিষ্ঠ মন্দিৰ চৌহদত এক চাফাই অভিযান চলোৱা হয় ।এছ এছ বি ৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উপ মহাপৰিদৰ্শক সঞ্জীৱ শৰ্মা আৰু চেকেণ্ড  ইন  কমাণ্ড আই এছ পানমেইৰ নেতৃত্বত বাহিনীটোৰ বিষয়া ,জোৱান সকলে সমগ্ৰ মন্দিৰ চৌহদত থকা জাৱৰ জোথৰ সমূহ চাফ – চিকুণ কৰি আঁতৰ কৰে।

Leave A Reply

Your email address will not be published.