শিৱসাগৰত বিশ্ব জলাতংক ৰোগ দিৱস পালন

0 239

বিশ্ব জলাতংক ৰোগ দিৱস উপলক্ষে শিৱসাগৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে জে বি এফ (ইন্দিয়া) ট্ৰাষ্ট নামৰ গুৱাহাটীস্থিত পশু কল্যাণ সংস্থাটিৰ সহযোগত আজি পুৱা ৮ বজাৰপৰা দিনৰ ১বজালৈ শিৱসাগৰ জিলা ৰাজ্যিক পশু চিকিৎসালয়ত সম্পূৰ্ণ বিনামূলীয়াকৈ জলাতংক ৰোগ প্ৰতিষেধক চিটাকৰণ প্ৰদান কৰাৰ ব্যৱস্থা কৰে।
 
 
 
জিলা পশুপালন আৰু পশুচিকিৎসা বিষয়া ডাঃ অক্ষয়ভট কেচাৰীয়ে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।অনুষ্ঠানটিত প্ৰায় ৪০ টা কুকুৰ আৰু মেকুৰীক বিনামূলীয়া জলাতংক ৰোগ প্ৰতিষেধক চিটা প্ৰদান কৰে।২০০৭ বৰ্ষৰপৰা প্ৰত্যেক বছৰেই ২৮ চেপ্টেম্বৰৰ দিনটো বিশ্ব জলাতংক দিৱস হিচাপে বিশ্বজুৰি পালন কৰা হয়। বিশ্ব জলাতংক দিৱসটিৰ ২০২০ বৰ্ষৰ মূল বিষয়বস্তু হৈছে এন্দ ৰেবিজ, কলাবৰেট, ভেকচিনেট।এই অনুষ্ঠানত উপস্থিত থাকে ডাঃ দেৱাশীষ দোলাকাষৰীয়া, ডাঃ দিবাকৰ বৰুৱা, ডাঃ অমৃত তামুলী, ডাঃ মাইনা ভৰালী।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.