বতৰৰ এসাজ

0 320

দেখাত সাধাৰণ যেন লাগিলেও, কিছুমান খাদ্যৰ প্ৰস্তুত প্ৰণালী কিছু ব্যতিক্ৰম হয়। তেনে কেইবিধমান বিভিন্ন ধৰণৰ খাদ্যৰ ৰেচিপি আজি প্ৰকাশ কৰা হ’ল। আগবঢ়ালে দুলিয়াজানৰ বিদিশা দত্তই।

ফুল কবি আৰু আলু ভাজি

প্ৰথমে কেৰাহিত তেল গৰম কৰি গোটা জিৰা, পিয়াজ, হালধি দিব। আগতে কাটি থোৱা ফুল কবি, মটৰ আৰু আলু আধা ভজা হওতে ধনীয়া পাত কাটি দিব। আন্দাজমতে নিমখ দি ভজা হ’লে নমাই থ’ব আৰু ভাতৰ লগত অথবা ৰুটিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব।

2017-03-26_18.42.30

পালক পনীৰ

পালেং শাকখিনি নিমখ পানীত পাচ মিনিটৰ বাবে সিজাই টুকি থব। ঠাণ্ডা হ’লত কেচা জলকীয়া আৰু অলপ ধনীয়া পাতৰ সৈতে মিক্সিত পেষ্ট কৰি ল’ব। Refined oil গৰম কৰি আদা, নহৰু পেষ্ট আৰু পিয়াজৰ পেষ্ট দি অলপ ভাজি শাকৰ পেষ্টখিনি দিব। নিমখ আৰু জিৰাগুৰি দি অলপ লৰাই ডাঠ হলত ভাজি ৰখা পনীৰখিনি দি নমাব।

2017-03-26_18.40.55

ভাপত দিয়া মাছ

Pressure cooker ত তেল গৰম কৰি কুটা পিয়াঁজ আৰু কুটা নহৰু দি অলপ ভাজিব। এতিয়া নিমখ হালধি সানি ৰখা মাছখিনি দি, লগতে কেচা জলকীয়া দি অলপ লৰই নামমাত্র পানী দি ঢাকোন লগাব। কম জুইত 15 মিনিটমান দি নমাব।

2017-03-26_18.39.31

Leave A Reply

Your email address will not be published.