পৃথিৱীখনক জীয়াই ৰাখিব বিচাৰেনে

0 374

মানৱ সভ্যতাৰ উন্নয়নে পৃথিৱীখনৰ আয়ুস কমাই আনিছে।জীৱকূলক ধবংসৰ দিশে গতি কৰাইছে।এই কথা প্ৰকাশ পাইছে গ্লবেল ফুটপ্ৰিণ্ট নেটৱৰ্কৰ গণনাত ।উল্লেখযোগ্য যে গ্লবেল ফুটপ্ৰিণ্ট নেটৱৰ্ক হ’ল কেলিফৰ্ণিয়াত অৱস্থিত এনে এটা সংস্থা, যি সংস্থাটোৱে প্ৰায় দুইদশক ধৰি মানৱ জাতিৰ উন্নয়নৰ বাবে কাম কৰি আহিছে।সংস্থাটোৰ সমীক্ষাত কেতবোৰ ভয়ানক তথ্য পোহৰলৈ আহিছে ।তাৰ ভিতৰত পৃথিৱীৰ নৱীকৰণ যোগ্য সম্পদ সমূহৰ আয়ুস হ্ৰাস হোৱা অন্যতম ।যাৰ ফলস্বৰূপে অতিপাত ৰ’দ,বৰষুণ হোৱাৰ লগতে জলবায়ুৰ ভাৰসাম্যতা নোহোৱা হৈছে। পৃথিৱীৰ বাৰ্ষিক হিচাপত নবীকৰণ হ’ব পৰা সম্পদ সমূহৰ আয়ুস ৯মাহৰ পৰা বৰ্তমানে ৭মাহলৈ হ্ৰাস পাইছে।কথাষাৰ সাধাৰণ অৰ্থত এনেধৰণৰ -এটা পৰিয়াল মাহেকটোত চলিবলৈ যিদৰে এখন বাজেট থাকে, পৃথিৱীৰো সমূহ জৈৱিক সম্পদৰো ব্যৱহাৰৰ নিৰ্দিষ্ট মণ্ডল থাকে ।অত্যাধিক খৰচৰ মাত্ৰাই যিদৰে পৰিয়ালৰ উপাৰ্জনকাৰীজনক মাধমাৰ সোধায়, ঠিক সেইদৰে অত্যাধিক প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰে পৃথিৱীৰ আয়ুস কমাই আনিছে ।সেই হিচাপত এই বছৰৰ ১ আগষ্ট তাৰিখটো world overshoot day হিচাপে চিহ্নিত হৈছে ।সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি জন সংখ্যা বৃদ্ধি, বনাঞ্চল ধ্বংস, নগৰীকৰণ আদি বোৰ ইয়াৰ মূল কাৰক হিচাপে থিয় দি উঠিছে ।মাটি, পানী, বায়ুৰ স্থিতি পৰিমাণ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে।বায়ুমণ্ডলত কাৰ্বন ড্ৰাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে,ভূ গৰ্ভত জলস্তৰৰ মাত্ৰা কমি গৈছে।এই হাৰত জলস্তৰৰ মাত্ৰা কমি গ’লে ২০৩০চনলৈকে ভাৰতে পানী সংকটত পৰিব বুলি সংস্থাটোৱে দাবী কৰিছে। এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰত্যেক জন মানুহৰ কৰণীয় সমূহ হ’ল এনেধৰণৰ -খাদ্যৰ অপচয় ৰোধ কৰা, গছ গছনিক কটাৰ পৰা বিৰত থকা, নিৰামিষ ভোজন কৰা, লগাতকৈ অধিক পানী অপচয় নকৰা, মাটিত কীটনাশক দ্ৰব্য ব্যৱহাৰ নকৰা, জলজ উদ্ভিদ, মাছক ধবংস কৰা পৰা বিৰত থকা অন্যতম ।পৃথিৱীৰ জৈৱিক ক্ষমতাক বৰ্তি থাকিবলৈ চৰকাৰে কেৱল নীতি নিয়ম প্ৰণয়ন কৰি ভূমিকা ল’ব পাৰে।বাকী সকলো খিনি মানি চলাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য ।এতিয়া সিদ্ধান্ত আপোনাৰ..।কি কৰিব কি নকৰিব !পৃথিৱীখনক আৰু ৫০বছৰ জীয়াই ৰাখিব বিচাৰে নে?

সংগীতা শইকীয়া ,সম্পাদক, এন ই ফ’কাচ  ডট কম

Leave A Reply

Your email address will not be published.