গ্ৰাম্য পৰ্যটনৰ বাটকটীয়া মৰঙীয়ালবাসী

0 353

গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান মৰঙীয়াল নকছাৰী মৰঙীয়ালবাসীয়ে।যোৰহাট চহৰৰ পৰা প্ৰায় ২১ কি মি নিলগত মৰঙীয়াল গাঁওখন অৱস্থিত।নগালেণ্ডৰ সমীপৱৰ্তী অঞ্চলত অৱস্থিত গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ ।বিশেষকৈ কৃষি প্ৰধান লোকৰে বসতি প্ৰধান গাঁওখনত চ্যুকাফা নামৰ এটা আত্মসহায়ক গোট আছে ।গাঁওখনৰ কেইজনমান সচেতন ব্যক্তিয়ে এই আত্মসহায়ক গোট গঠন কৰিছে।গাঁওখনৰ নৈসৰ্গিক সৌন্দৰ্য্যৰ আলমত এখন তেওঁলোকে উদ্যান গঢ়ি তুলিছে।বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা এই পাৰ্কৰ চাবলৈ বিভিন্ন ঠাইৰ পৰ্যটক অহাৰ লগতে পিকনিক স্পট হিচাপে গঢ় লৈ উঠিছে ।নগাৰ চাংঘৰ, বাঁহৰ বিভিন্ন সজ্জাৰ লগতে স্বচ্ছতা বজাই ৰখা গাঁওখনে উৎকৃষ্ট নিদৰ্শন দেখাইছে ।

Leave A Reply

Your email address will not be published.