ঊষাৰনগৰী তেজপুৰ: এক অপূৰ্ব সৌন্দৰ্যৰ সাক্ষী-২

0 1,226

তেজপুৰৰ বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই সমূহৰ বিষয়ে আপোনালোকে যোৱাটি খণ্ডত জানিবলৈ পালে, আজি আমি জানোচোন আহক তেজপুৰৰ বিখ্যাত কীৰ্তিচিহ্ন সমূহৰ বিষয়ে। অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ অৱশেষ থকা ঠাই সমূহৰ ভিতৰত তেজপুৰ এক অন্যতম ঠাই। অসমৰ বহু প্ৰাচীন মঠ-মন্দিৰ সমূহৰ অৱস্থিতি ইয়াত দেখিবলৈ পোৱা যায়। ঐতিহ্যমন্দিত তেজপুৰৰ প্ৰ্থম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল তেজপুৰৰ উত্তৰ দিশে থকা ‘মহাভৈৰৱমন্দিৰ’। মন্দিৰৰ লিংগৰ দৈৰ্ঘ্য ৩.৩০ মিটাৰ আৰু ব্যাস ২.৩০ মিটাৰ।    বহুদেশী-বিদেশী পৰ্যটকৰ বাবে এক অন্যতম ঠাই এই মহাভৈৰৱ মন্দিৰ।

  images (3)

তেজপুৰৰ ঐতিহ্য  বহন কৰা আন এক প্ৰাচীন ঠাই হৈছে তেজপুৰৰ পশ্চিমে থকা ‘দ-পৰ্বতীয়া’ নামৰগাওঁ, এই গাৱতেই কিছুমান উল্লেখযোগ্য মন্দিৰৰ ভগ্নাৱশেষ পোৱা যায়, এই মন্দিৰ সমূহো আহোম যুগতেই অসমত স্থাপন হৈছিল কিন্তু ১৮৯৭ চনৰ বৰভুইকঁপৰ ফলত এই মন্দিৰৰ ধংসাৱশেষহে এতিয়া বাকী ৰৈছেগৈ, অসমৰ প্ৰাচীন মন্দিৰৰ ভিতৰত এই মন্দিৰ হৈছে অন্যতম।

images (1)

তেজপুৰত আন এক বিখ্যাত মন্দিৰ হৈছে ‘ভৈৰৱীমন্দিৰ’। অসমৰ এখন অন্যতম শক্তিপীঠ । ইয়াত মা দূৰ্গাক আৰাধনা কৰা হয়। অতি পবিত্ৰ আৰু মাহাত্ম্য থকা এই মন্দিৰতো আজি চাৰিশ বছৰৰ পৰা জনসাধাৰণে পূজা-অৰ্চনা কৰি আহিছে।

images (2)

ইয়াৰ উপৰিও কেটেকেশ্বৰ দেৱাল, হলেশ্বৰ মন্দিৰ, নাগ-শ্ংকৰ, শিংৰী মন্দিৰ, ৰূদ্ৰপদ মন্দিৰ, বিশ্বনাথ ঘাট আদিও তেজপুৰৰ আন এক বিখ্যাত প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ ভিতৰত অন্যতম। এই কীৰ্তি চিহ্ন সমূহৰ বাহিৰেও তেজপুৰত আন কিছুমান বিশেষ ঠাইৰ অৱস্থিতি পোৱা যায়, এই ঠাই সমূহৰ ভিতৰত উল্লেখযোগ্য ঠাই হৈছে-তেজপুৰৰ পৰা ৪০ কি মি দূৰত্বত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান। পৰ্যটনৰ বিপুল সম্ভাৱনা থকা এই উদ্যানখন হৈছে তেজপুৰৰ আন এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।

images (5)

তেজপুৰৰ আন এক পৰ্যটনস্থলী হৈছে-কলিয়া ভোমোৰাসেতু, বিশাল ব্ৰক্ষ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা এই দলংখনেই হৈছে ব্ৰক্ষ্মপুত্ৰৰ আটাইতকৈ দীঘলদলং যিয়ে তেজপুৰ আৰু নগাঁৱৰ দক্ষিণ দিশক সংযোগ কৰিছে। ইয়াৰ উপৰিও তেজপুৰৰ ত্ৰিমূৰ্তি উদ্যান, জিলা স্ংগ্ৰ্হালয় আৰু অসমৰ আটাইতকৈ পুৰণি চলচিত্ৰগৃহ ‘জোনাকী চিনেমা’ আদিও দেশী-বিদেশী পৰ্যটকৰ বাবে চাবলগীয়া ঠাই।
গতিকে পাঠক সকল, এতিয়া জানিব পাৰিলে যে আমাৰ অসমৰে এই তেজপুৰ চহৰতে চাবলগীয়া আৰু আমি জানিবলগীয়া বহুতো ঠাই আছে! এই ন-পুৰণি বিভিন্ন ঠাই সমূহকলৈ আমি প্ৰ্কৃততে গৌৰৱ কৰিব পাৰো নহয়নে? অহা খণ্ডত আপোনালোকক মই অসমৰ আন এক বিশেষ ঠাইৰ সৈতে পৰিচয় কৰাই দিম , চাবলৈ নাপাহৰিব আমাৰ ৱেবচাইট nefocus.com.

লেখক:বন্দনা গগৈ

Leave A Reply

Your email address will not be published.