কেভেণ্টাৰৰ ইউ এইচ টি মিল্কৰ মুকলি অনুষ্ঠান

0 221

ভাৰতৰ অন্যতম দ্ৰুত বিকশিত খাদ্য আৰু পানীয় কোম্পানী কেভেণ্টাৰে বৃহস্পতি বাৰ্ আনুষ্ঠানিক ভাৱে  সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে মুকলি কৰে ‘কেভেণ্টাৰ মিল্ক’।২০২০চনৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ২০ শতাংশ বজাৰ অংশৰ জৰিয়তে ১৫০কোটি ৰাজহ সংগ্ৰহৰ লগতে জনসাধাৰণৰ কল্যাণ সাধনৰ লক্ষ্য আগত ৰাখিয়ে বৃহৎ উদ্যোগটোৱে অসমত বিনিয়োগৰ বাবে আগবাঢ়ি অহা বুলি মত পোষণ কৰে কেভেণ্টাৰ সঞ্চালক আৰু পৰিচালনা সঞ্চালক মায়ংক জালানে। তেওঁ লগতে কয় যে জনসাধাৰণৰ কল্যাণ সাধনৰ লগতে সুস্বাস্থ্যৰ প্রতি কেভেণ্টাৰ সদায় সচেতন আৰু সেয়ে তেওঁলোকে গ্ৰাহকক সদায় উৎকৃষ্ট মানৰ খাদ্যৰ যোগান ধৰি আহিছে। আনহাতে মহানগৰীৰ হোটেল তাজ ভিভেণ্টাত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি কেভেণ্টাৰ মিল্কৰ চি ই অ’ সৌৰভ জালিয়াই ইয়াৰ গুণগত মানৰ ওপৰত মতপ্ৰকাশ কৰাৰ লগতে কয় যে২০২৩ চনৰ ভিতৰত ১০হাজাৰ কোটি টকাৰে সফলতাৰ দিশত আৰু অধিক আগুৱাই যাব বুলি  কেভেণ্টাৰ মিল্ককলৈ আশাবাদী ।

Leave A Reply

Your email address will not be published.