বনভোজৰ বতৰত বগামাটিত এভূমুকি

0 594

এতিয়া বনভোজৰ বতৰ।সমগ্ৰ ৰাজ্যতে নতুন বছৰটোক আদৰাৰ প্ৰস্তুতি চলিছে ।পুৰণি বছৰটোক বিদায় দিয়াৰ প্ৰাকক্ষণত এসাজ মনৰ ফূৰ্তিত আনন্দৰে খোৱাৰ বাবে সকলোৱে মিলিত হৈ প্ৰকৃতি পৰিবেশত বনভোজ খায়।আজি বগামাটি বনভোজস্থলীত এভূমুকি মাৰি এই কথা পৰিলক্ষিত হ’ল যে অসমৰ পৰ্যটন ক্ষেত্ৰত বগামাটিয়ে ন মাত্ৰা প্ৰদান কৰিছে ।বিভিন্ন বনভোজ দল ৰাওনা হৈ বনভোজ খাইছে।দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণ কৰি আমোদ লৈছে ।স্থানীয় গাওকেইখনৰ অসংখ্য যুৱকে বিভিন্ন ব্যৱসায়ৰ লগত নিয়োজিত হৈ স্বাৱলম্বীতাৰ বাট বুলিছে।বগামাটিত থকা সুচ্চ বৌদ্ধ মন্দিৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।মুঠতে বগামাটিয়ে পৰ্যটনৰ ক্ষেত্ৰত প্ৰসাৰ লাভ কৰিছে ।

Leave A Reply

Your email address will not be published.