পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী ২০০ বছৰীয়া ঐতিহাসিক পুথিভঁৰাল

0 356

প্ৰায় ২০০বছৰ অতিক্ৰম কৰা এটা পুথিভঁৰাল।গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা পুথিভঁৰালটোৰ লগত বহু কেইজন অসমৰ পুৰুধা ব্যক্তিৰ নাম জৰিত হৈ আছে ।ইংৰাজৰ শাসন কালত স্থাপন হোৱা এই বিশেষ পুথিভঁৰালটোলৈ এসময়ত লৰ্ড কাৰ্জন আহিছিল বুলি জনা যায়।পুথিভঁৰালটোৰ নাম কি জানেনে? পুথিভঁৰালটোৰ নাম কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ পুথিভঁৰাল ।সন্দিকৈ কলেজৰ সমীপত অৱস্থিত এই পুথিভঁৰালটো প্ৰাৰম্ভিক সময়ত লৰ্ড কাৰ্জন হল হিচাপে পৰিচিত আছিল ।১৯০১চনত কাৰ্জন হল প্ৰতিষ্ঠা হৈছিল।ইতিহাসৰ পাতত উল্লেখ থকা অনুসৰি সেই সময়ৰ চীফ কমিছনাৰ হেনৰী কটন চাহাবে লৰ্ড কাৰ্জনক অসমলৈ আহোতে স্বাগতম জনাবলৈ ব্যৱস্থা কৰিছিল।কাৰ্জন চাহাবৰ অভ্যৰ্থনাৰ সময়ত কৈ যোৱা ৬হাজাৰ টকাৰে কাৰ্জন হল নিৰ্মাণ কৰিছিল।উল্লেখযোগ্য যে কাৰ্জন হলেই বৰ্তমান সময়ৰ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ পুথিভঁৰাল ।বৰ্তমান এই পুথিভঁৰাললৈ বহু পঢুৱৈ আগমন হয়।ইয়াৰ ভিতৰত প্ৰতিযোগিতা মূলক পৰীক্ষাৰ পৰীক্ষাৰ্থী, ছাত্ৰ ছাত্ৰী, গৱেষক অন্যতম ।স্মৰ্তব্য যে ২০০ বছৰীয়া ঐতিহাসিক সমলবিধ চাবলৈ পৰ্যটক আগমন হয়।অচিৰেই পুথিভঁৰালটো পুনৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা চলি আছে বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.