কেইবিধমান বতৰৰ খাদ্যৰ ৰেচিপি

2 552

সকলোৱে কম বেছি পৰিমাণে ভাল পাব পৰা অথবা ভাল পোৱা কেইবিধমান বতৰৰ খাদ্যৰ জুতি আজি Ne focus.com ৰ খাদ্য সম্ভাৰ শিতানটো প্ৰকাশ কৰা হল। আগবঢ়ালে গুৱাহাটীৰ গীতা দত্তই।

কেচা আমৰ সৈতে ৰন্ধা আৰি মাছ

প্ৰথমে আৰি মাছৰ টুকুৰা কেইটা অলপ নিমখ, হালধী সানি গৰম তেলত ভাজি ল’ব। এখন কেৰাহীত অকণমান মিঠাতেল গৰম কৰি তাত সৰিয়হ আৰু চাৰিটামান শুকান ৰঙা জলকীয়া দিব। সৰিয়হ ফুটিলত তাত এক চামুচ আদা নহৰু বটা দি কম জুইত ভাজিব আধা মিনিটৰ বাবে। ইয়াৰ পিছত কাটি থোৱা আম দিব আৰু অলপমান হালধি আৰু ৰঙা জলকীয়াৰ গুৰিও দিব। অলপ পিছত একাপ পানী আৰু আন্দাজ অনুসৰি নিমখ দিব। ১০ মিনিট মান পাছত আম কোমল হৈ গলে ভাজি থোৱা মাছ খিনি আঞ্জাত দিব। আৰু ভাল কৈ উতলা পিছত জুইৰ পৰা নমাই ভাতৰ লগত পৰিবেশন কৰিব।

1

কলদিল মুৰ্গী মাংস

এটা কলদিলৰ বাকলি আঁতৰাই ভিতৰৰ কোমল অংশ কাটি ল’ব। নিমখ পানীত ভালকৈ ধুই হাতেৰে চেপি চেপি টুকি ল’ব। এতিয়া এখন কেৰাহীত তেল গৰম কৰি পিয়াজ ৰঙা হোৱালৈ ভাজি ল’ব। তাৰ পাছত মুৰ্গী মাংসখিনি দি ভালকৈ ভাজিব। আদা, নহৰু বটা, জীৰা বটা জালুক বটা, আৰু অকণমান হালধি দি ১০ মিনিটমান ভাজি ল’ব। তাৰ পাছত কলদিল দি ভালকৈ মিলাই কম জুইত লাহে লাহে ভাজিব। সোৱাদ অনুসৰি নিমখ দিব। কেৰাহীত লাগি ধৰা যেন পালে নামমাত্ৰ পানী দিব। দুটা কেঁচা জলকীয়া ফালি দিব। গৰম মচলাৰ গুৰি অলপ শেষৰ ফালে দিব। মাংস ভালকৈ সিজিলত জুই নুমাই থৈ গৰম ভাতৰ লগত পিৰিবেশন কৰিব।

2

কাৰ্বি জনজাতিৰ এক ৰান্ধন পদ্ধতি

আমাৰ কাৰ্বি জনজাতিৰ এটি সুন্দৰ, সহজ, সুস্বাদু recipe আগবঢ়াইছো। কাৰ্বি সকলে বেছি তেল অথবা মচলা ব্যৱহাৰ নকৰে। তেল নোহোৱাকৈ লাহে লাহে ৰন্ধাৰ পদ্ধতিক “কালাঙদাং” বোলা হয় । মই এইদৰে গাহৰি মাংসৰ এটি recipe আগবঢ়াইছো ।

ইয়াৰ বাবে প্ৰয়োজন হয় গাহৰি মাংস, বাঁহ গাজ, কলা তিলৰ গুৰি, আদা, জলকীয়া আৰু এবিধ পাহাৰীয়া নহৰু যাক জিৰলাং বোলা হয় ।

3

তিলখিনি ধুই, ৰদত শুকুৱাই, নামমাত্ৰ ভাজি লৈ গুৰি কৰি ল’ব লাগে। এখন গৰম কেৰাহীত গাহৰি মাংসখিনি দিব লাগে। মাংসৰ পৰা তেল বাহিৰ হ’লেই তাত খুন্দি লোৱা জিৰলাং, আদা, কেঁচা জলকীয়া দি ভালকৈ লৰাব লাগে। তাৰ পাছত বাঁহ গাজ আৰু তিলৰ গুৰি দিব লাগে। সোৱাদ অনুসৰি নিমখ দিব। তাৰ পাছত প্ৰয়োজন অনুসৰি পানী দিয়ক। আৰু কেৰাহীত ঢাকোন লগাই লাহে লাহে সিজিবলৈ দিয়ক। মাংসখিনি ভালকৈ সিজিলে, গৰম ভাতৰ সৈতে বা টোপোলা ভাতৰ সৈতে পৰিবেশন কৰক।

4
গীতা দত্ত

 

2 Comments
  1. Unnknown says

    nice

  2. Jyotirmoy Thakuria says

    Dhuniya….

Your email address will not be published.