মুখৰোচক ৩ বিধ ৰেচিপি

0 412

সকলোৱে কম বেছি পৰিমাণে খাই ভাল পোৱা কেইটামান ৰেচিপি আজি খাদ্য সম্ভাৰ শিতানত প্ৰকাশ কৰা হ’ল। প্ৰেৰণ কৰিলে দিল্লীৰ পৰা ৰাজীৱ শইকীয়াই।

চিংৰা
 উপকৰণ – আলু, ফ্ৰেন্স বিন, আজৱাইন, জিৰা, শুকান জলকীয়া গুৰি, ধনিয়া গুৰি, গৰম মছলা, ৰিফাইন তেল
received_1587543627980080
প্ৰণালী– প্ৰথমে আলুখিনি বইল কৰি ল’ব। লগতে মিহিকৈ কুটা ফ্ৰেন্স বিনও। এতিয়া আলু, ফ্ৰেন্সবিন এটা পাত্ৰত লৈ তাত পিটিকি ল’ব। এতিয়া কেৰাহীত তেল গৰম কৰি তাত জিৰা দিব, অলপ লৰাই আলু, ফ্ৰেন্সবিনখিনি দিব লগতে শুকান জলকীয়া গুৰি, ধনিয়া গুৰি, গৰম মছলা আৰু নিমখ দিব। ভালকৈ মিহলাই ৫/৬ মি: মান সিজাই লৈ নমাই থব।
এতিয়া মৈদা ৪ কাপ ল’ব, তাত আজৱাইন দি ভালকৈ মঠি ল’ব। এতিয়া ৰুটি নিচিনা বেলি কেনেকৈ চিংৰা চেপটো বনাব। কেৰাহীত তেল গৰম কৰি কম জুইত ফ্ৰাই কৰক…বচ আপোনাৰ চিংৰা ৰেডি…
আলু বড়
উপকৰণ– আলু, পিয়াজ, আজৱাইন, গৰম মছলা, শুকান জলকীয়া গুৰি, গোটা জিৰা, কেচা জলকীয়া, বেচন, ৰিফাইন তেল, ধনীয়া পাত, হালধি, হিং
received_1587422377992205
প্ৰণালী– আলুখিনি বইল কৰি ঠাণ্ডা হ’বলৈ দিব। কেৰাহীত তেল গৰম কৰি তাত হিং আৰু গোটা জিৰা দিব। এতিয়া মিহিকৈ কুটা পিয়াজ, ধনীয়া দি গৰম মছলা, শুকান জলকীয়া গুৰি দিব। এটা বাতিত বেচন লৈ তাত হালধি, আজৱাইন আৰু নিমখ পানী ভালকৈ মিহলাই গৰম তেলত ফ্ৰাই কৰি ল’ব। শেষত কেচা জলকীয়া কেইটা ভাজি, বিলাহী চচ্, আৰু পিয়াজৰ লগত পৰিবেশন কৰিব।
আলু পৰঠা
উপকৰণ– ৰিফাইন তেল, নিমখ, সিজোৱা আলু, গোটা, জিৰা, পিয়াজ, জলকীয়া গুৰি, ধনীয়া গুৰি, আমচুৰ
received_1587544981313278
প্ৰণালী– প্ৰথমে আটাখিনি অলপ গৰম পানী আৰু ৰিফাইন তেল আৰু নিমখ দি মাৰি লওক। এখন কেৰাহীত তেল গৰম কৰি গোটা জিৰা দি মিহিকৈ কুটা পিয়াজ খিনি দিব। লগতে কটা জলকীয়া খিনি দি বইল আলুখিনি মিক্স কৰি নিমখ আৰু জলকীয়া গুৰি, ধনীয়া গুৰি, আমচুৰ দিব। আৰু ৩ মিনিট লৰাই থাকিব। আৰু আটাখিনি বেলি অলপ অলপকৈ মিশ্ৰণ টোৰ মিলাই দিব, যাতে মিশ্ৰণ টো সম্পূৰ্ণ ভিতৰত যায়। ইয়াৰ পিছত এখন তাৱাত তেল কৰি ফ্ৰাই কৰিব।
Leave A Reply

Your email address will not be published.