ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কিছু প্ৰাসংগিকতাৰে

0 335

প্ৰতিবছৰে ১৬নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।এই দিৱসে সাংবাদিক সকলৰ স্বাধীনতা,সুৰক্ষা,সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিনিধিত্ব কৰে।সাংবাদিক সকলক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়।কিয়নো এজন সাংবাদিকেহে সমাজৰ প্ৰকৃত ছবি জনসাধাৰণৰ আগত দাঙি ধৰিব পাৰে।এক কথাত ক’বলৈ গ’লে এজন সাংবাদিকে সমাজত অতীন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰে।কিন্তু দুখৰ বিষয় যে আজিও সাংবাদিকসকল প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে।যাৰ ফলশ্ৰুতিত একাংশ সাংবাদিকে হালধীয়া সাংবাদিকতা কৰিব লগাত পৰিছে।আজিৰ তাৰিখত যদি সাংবাদিকতাক সেৱা হিচাপে ধৰা যায়।এই ক্ষেত্ৰত বহুতৰ দ্বিমত ৰৈ যায়।আমি বিচাৰো প্ৰতিজন সাংবাদিকৰ অধিকাৰ, সুৰক্ষা সুনিশ্চিত হওক।সুস্থ জনমত গঠন কৰি সমাজক সংগঠিত কৰক।মহান ৰাষ্ট্ৰ নিৰ্মাণৰ অৰ্থে প্ৰতিজন সাংবাদিকে সেৱা আগবঢাওক।সদৌ শেষত সকলো সাংবাদিকক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনালো।

Leave A Reply

Your email address will not be published.