২১ এপ্ৰিলৰ পৰা এই নিৰ্দেশাৱলী বাহাল হ’ব

0 299

সম্প্ৰতি সমগ্ৰ বিশ্বতে ক’ৰণাই চলাই থকা তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশতে পূৰ্ণ লকডাউনৰ ঘোষণা কৰিছিল।  বৰ্তমান সময়ত সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ লকডাউন।
 
বৰ্তমানলৈকে অসমত  ক’ৰণাত আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ ৩৪গৰাকী। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোডী আৰু ৰাজ্যৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ প্ৰক্ৰিয়া এতিয়াও বাহাল ৰখা হৈছে। ইতিপূৰ্বে মহানগৰ যান বাহন আৰক্ষী শাখাই কেতবোৰ নীতি নিৰ্দেশনা ঘোষণা কৰিছিল।
উল্লেখ্য যে অহা ২১ এপ্ৰিলৰ পৰা ৰাজ্যত বলৱৎ হ’ব কেতবোৰ যাৱতীয় নতুন নীতি নিৰ্দেশনা। এই সন্দৰ্ভত চৰকাৰে নিৰ্দেশ দিয়ে ৰাজ্যৰ আৰক্ষী বিভাগক লগতে কয় যে লকডাউনৰ পৰা কৃষি আৰু গ্ৰাম্য অৰ্থনীতি ক্ষেত্ৰক ৰেহাই দিয়া হ’ব। উল্লেখ্য যে লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দুৰত্ব বজাই ৰাখি কৃষি কৰ্ম চলাই নিয়াৰ অনুমতি প্ৰদান কৰা হৈছে। স্বাস্থ্য খণ্ড তথা চিকিৎসা সেৱাৰ লগত জড়িত সকলোধৰণৰ উদ্যোগ সমূহত উৎপাদন আৰম্ভ কৰাৰ অনুমতি ইতিমধ্যে প্ৰদান কৰা হৈছে।
 
অহা ২১এপ্ৰিলৰ পৰা খাদ্য প্ৰস্তুতকৰণ, অত্যাৱশ্যকীয় সামগ্ৰী, উদ্যোগ, ঔষধ, স্বাস্থ্য সেৱা, হাৰ্ডৱেৰ, পেকেজিং উদ্যোগ, মৰাপাট উদ্যোগ, সাৰ, বীজ প্ৰস্তুতকৰণ উদ্যোগ ইত্যাদি সমূহ খুলিব পাৰিব।উল্লেখযোগ্য যে এইসমূহ উদ্যোগত কৰ্মচাৰী আযু উদ্যোগসমূহৰ সমূহ বিষয়ববীয়াই তেওঁলোকৰ নিজৰ নিজৰ সুৰক্ষাৰ কাৰণে মুখত মাস্ক পৰিধান কৰা, হাত পৰিষ্কাৰৰ বাবে ছেনিটাইজাৰ ব্যৱহাৰ, তথা সামাজিক দূৰত্ব বজাই ৰখাটো অতিকৈ বাধ্যতামূলক।
 
 
অহা ২১এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ কাষৰ ধাবাসমূহো খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। এই সময়খিনিৰ পৰা সমূহ ইলেকট্ৰিচিয়ান, পাইপ মিস্ত্ৰী সমূহকো প্ৰদান কৰা হৈছে বিশেষ ৰেহাই। সীমিত সংখ্যক কৰ্মচাৰীৰে চৰকাৰী কাৰ্যালয়সমূহ খোলাৰ অনুমতি ইতিমধ্যে প্ৰদান কৰা হৈছে। কাৰ্যালয় সমূহত উপস্থিতিৰ সংখ্যা কাৰ্যালয়ৰ সৰ্বমুঠ কৰ্মচাৰীৰ ৩০শতাংশতকৈ অধিক হ’ব নোৱাৰিব বুৰিও ঘোষণা কৰে।
 
মহানগৰীৰ দিশপুৰত অৱস্থিত জনতা ভৱনত বাহিৰৰ কোনোধৰণৰ মানুহে প্ৰৱেশ কৰিব নোৱাৰিব বুৰিও কয়। এইখিনিতে উল্লেখ্য যে পাঠ্যপুথিৰ বিপণীসমূহ খোলাৰ বাবে চৰকাৰৰ ফালৰ পৰা অনুমতি প্ৰদান। সমান্তৰালভাৱে প্ৰতি সপ্তাহত তিনি দিন তিনি ঘন্টাকৈ খোলা থাকিব পাঠ্যপুথিৰ বিপণী।এইফালে এই সময়ছোৱাত সকলোধৰণৰ শিক্ষানুষ্ঠান আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহ খোলা থাকিব নে নাই এই বিষয়ত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে কোনোধৰণৰ চূড়ান্ত সিদ্ধান্ত নোলোৱালৈকে ৰাজ্যৰ সকলোধৰণৰ শিক্ষানুষ্ঠান আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব।

Leave A Reply

Your email address will not be published.