ভাল খবৰ

0 298

শিক্ষাই মানুহক সকলো দিশৰ পৰা বিকশিত কৰি তোলে। শিক্ষা আৰু সমাজ ব্যৱস্থাৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। এই কথাৰ সুন্দৰ নিদৰ্শন প্ৰতিফলিত হৈছে খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত। উল্লেখযোগ্য যে, খুমটাই হাকিম বস্তি নামৰ গাঁও খনৰ পথসমূহৰ  অৱস্থা অতি  শোচনীয়। এইক্ষেত্ৰত স্থানীয় ৰাইজে বিভাগীয় পক্ষক বাৰে বাৰে আবেদন কৰি আহিছিল যদিও ই ফুটুকাৰ ফেনত পৰিণত হৈছিল। এনে পৰিপ্ৰেক্ষিতত মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা বাহিনীৰ উদ্যোগত এক সপ্তাহ দিন ধৰি ব্যস্ত আছে পথ মেৰামতিৰ কামত।

যিটো সময়ত  প্ৰচণ্ড গৰমে দহিছে ৰাজ্য, সূৰ্য্যৰ প্ৰখৰ ৰ’দৰ কাৰণে যিটো সময়ত আমি ঘৰৰ বাহিৰলৈ ওলাবলৈ চিন্তা কৰিছো, তেনে সময়তে প্ৰচণ্ড গৰমক নেওচি শ্ৰেণী কোঠাৰ পাঠদানৰ পৰা নিলগত থাকি কেৱল ৰাইজৰ সুবিধাৰ কথা চিন্তা কৰিয়ে  ছাত্ৰ-ছাত্ৰী সকলে  সমাজৰ কামত ব্ৰতী হোৱা কাৰ্যই নতুন চানেকি বহন কৰিছে।

জনা হোৱাৰে পৰা সামাজিক কাম কৰি ভাল পোৱা এগৰাকী যুৱতী। যুৱতী গৰাকী নিৰ্বাচিত হৈছে ৱাশ্বিংটনত অনুষ্ঠিত হ’ব লগা এক বিশেষ প্ৰশিক্ষণৰ বাবে। বকোৰ সোনতলিৰ ছালমা হুছেইন নামৰ যুৱতী গৰাকীয়ে সংঘর্ষ পূৰ্ণ সময়ত শান্তি ৰক্ষাৰ স্থিতি বাহাল ৰাখিব পৰা এলানি প্ৰশিক্ষণৰ বাবে আমন্ত্ৰিত হৈছে। জানিব পৰা মতে, এই প্ৰশিক্ষণত ৮ খন বিভিন্ন দেশৰ ৮গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

আইন বিভাগৰ ছাত্ৰী ছালমাই ইতিমধ্যে বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ আছে। ছালমাৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয় যে, সামাজিক কাম মই মোৰ  অঞ্চলটোৰ পৰা আৰম্ভ কৰিছিলো। যাৰ বাবে বিভিন্ন সংগঠনে বিভিন্ন সময়ত স্বীকৃতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে, এই প্ৰশিক্ষণৰ বাবে ছালমাই  ভাৰতৰ পৰা নিৰ্বাচিত হৈছে।

Leave A Reply

Your email address will not be published.