বনভোজস্থলী মুকলি

0 328

গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা দীপৰ বিলৰ পাৰত প্ৰতিবছৰে নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত বনভোজ খাবলৈ বহু লোকৰ সমাগম হয়। কিন্তু বনভোজ খাবলৈ অহা সকলোকে যাতে পৰিবেশ অক্ষুন্ন ৰাখি দীপৰ বিলৰ নয়নাভিৰাম সৌন্দৰ্য অক্ষুন্ন ৰাখি স্বচ্ছ মূলক পৰিবেশত বনভোজ খাই শৃংখলাবদ্ধভাৱে উভতি যাব পাৰে তাৰ বাবে দীপৰ বিলৰ কাষৰীয়া দেউচতাল নৱজ্যোতি সংঘই বিগত বছৰৰ দৰে এইবাৰো ঐতিহাসিক শ্ৰীশ্ৰীভাঙৰা গোপাল গোসাই থানৰ সমীপত দীপৰ বিলৰ পাৰত শুক্ৰবাৰে বনভোজস্থলী এটা মুকলি কৰে। অঞ্চলটোৰ বহু সংখ্যক লোকৰ উপস্থিতিত বনভোজস্থলীটো মুকলি কৰে দেওচতাল গাওৰ গাওবুঢ়া নন্দৰাম চাংদেৱে। এই উপলক্ষে দেউচতাল নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপিয়ে আঁত ধৰা চমু অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী কেষ্টৰাম ৰংপি, ৰংমন ট্যুৰিজিম চ’চাইটিৰ কৰ্মকৰ্তা পৱন কলিতাকে ধৰি নৱজ্যোতি সংঘৰ কেইবাগৰাকী কৰ্ম কৰ্তা উপস্থিত থাকে। উল্লেখ্য যে, পুৱা ৬ বজাৰ পৰা বিয়লী ৫ বজালৈ মুকলি হ’বলগীয়া বনভোজস্থলীত চাফ চিকুন আৰু খোৱা পানী আৰু পাৰ্কিংৰ বাবে নৱজ্যোতি সংঘই ২০০ টকা, চাৰিচকীয়া বাহন ১০০ টকা, তিনিচকীয়া বাহনৰ ৫০ টকা আৰু দুচকীয়া বাহনৰ ২০ টকা মাচুল নিৰ্দ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও জিলা প্ৰশাসন, আৰক্ষী আৰু বনবিভাগৰ ফালৰ পৰা দিয়া নীতি নিৰ্দেশনা সমুহ সকলোৱে যাতে মানি চলে তাৰ বাবে দেওচতাল নৱজ্যোতি সংঘই বনভোজ দলসকলক আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.