ৰাতিটোৰ ভিতৰতে প্ৰখ্যাত হৈ পৰিল ডিম্পু বৰুৱা

1 306

মানুহে জনা মানুহৰ পৰা কথা শিকিব নিবিচাৰে ।সেয়ে মই বন্ধুৰ দৰে কথাকৈ ইউটিউৱৰ ভিডিঅ’ বোৰ বনাও।মানুহে ভাল পায়।তেনেকৈয়ে ভিউৱাছ বাঢ়ে।এইষাৰ কথা ডিম্পু বৰুৱাৰ।বৰ্তমান সময়ৰ অসমৰ এজন সফল ইউটিউৱাৰ হ’ল ডিম্পু বৰুৱা।নলবাৰী ডিম্পু বৰুৱাৰ নিজৰ নামেৰে ইউটিউৱত দুটাকৈ চেনেল আছে।চেনেল দুটাৰ জৰিয়তে ডিম্পুৱে বহুতো জানিবলগীয়া তথ্য, জ্ঞান, ৰসাল কথাৰে ব্যক্ত কৰে।উল্লেখযোগ্য যে ডিম্পুৰ কথনশৈলীত আছে এক বিশেষ প্ৰকাশভংগী।যাৰ বাবে ডিম্পুৱে নিচেই কম দিনৰ ভিতৰতে অসমৰ এজন আগশাৰীৰ ইউটিউৱাৰ হিচাপে স্বীকৃতি পাইছে।ডিম্পুৱে ইউটিউৱ চেনেলৰ জৰিয়তে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।তেওঁৰ চেনেলৰ জনপ্ৰিয়তাৰ বাবে অলপতে আমেৰিকাৰপৰা YouTube silver play button আৰু বিশেষ মানপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে ।শিক্ষামূলক আৰু ভ্ৰমণ বিষয়ক চেনেলৰ কথা কিদৰে মনলৈ আহিল বুলি সোধাৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সেই সময়ত এনে ধৰণৰ চেনেলৰ অভাৱে এনে চেনেল আৰম্ভণিৰ মূল হোতা।যাৰ ফলশ্ৰুতিত সমাজৰ বাবে কিবা এটা বেলেগ কৰা মানসিকতাৰ গুৰিতে এই চেনেলৰ আৰম্ভ হ’ল।ডিম্পুৰ মতে উপস্থাপনৰ শৈলী, কথন ভংগীৰে তেওঁৰ চেনেলক বিশেষ কৰি ৰাখিছে।ডিম্পুৱে প্ৰস্তুত কৰা জিঅ’ৰ হিষ্ট্ৰী আৰু বগীবিল শীৰ্ষক ভিডিঅ’টোৰ সৰ্বোচ্চ ভিজিটৰৰ সংখ্যা ৮লাখ অতিক্ৰম কৰিছে।ৰাতিটোৰ ভিতৰতে  লাখ লাখ ভিউৱাছৰ নয়নৰ মণি হৈ পৰা ডিম্পুৰ এই যাত্ৰা অব্যাহত থাকক।আমি জনালো অলেখ শুভকামনা  ।

1 Comment
  1. Amon Bora says

    Congrats dimpu da

Leave A Reply

Your email address will not be published.