হৃদৰোগীৰ বাবে সুখবৰ কঢ়িছে এপ’ল হস্পিতালে

0 272

গুৱাহাটী এপ’ল হাস্পিতালে চি টি ভি এছ চেণ্টাৰ মুকলি কৰিছে।যাৰ জৰিয়তে ৰোগীয়ে ৰাজ্যৰ বাহিৰত নোযোৱাকৈ কাৰ্ডিয়াক অস্ত্ৰোপচাৰৰ সেৱা লাভ কৰিব পৰিব ।আজি এই সম্পৰ্কে হোটেল প্ৰগতি মেনৰত অনুষ্ঠিত কৰা এক সংবাদমেলত বিশিষ্ট কাৰ্ডিঅ চিকিৎসক ডক্তৰ জে পি কলিতাই কয় যে হৃদয়ৰ অন্তভাগত ছিদ্ৰ থকা ৰোগীক কী হোল প্ৰক্ৰিয়াৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে।এই প্ৰক্ৰিয়াৰে অস্ত্ৰোপচাৰ কৰাৰ ফলত ৰোগীৰ বিষৰ পৰিমাণ যথেষ্ট কম হয় আৰু ৰক্তক্ষণৰ মাত্ৰাও কম হয়।যোৱা ৭মাৰ্চৰ পৰা হস্পিতালখনত এই সুবিধা উপলব্ধ হৈছে।উল্লেখযোগ্য যে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় আঁচনিৰ জৰিয়তে বহু ৰোগী লাভাম্বিত হৈছে।আজিৰ সংবাদমেলত ডক্তৰ মৃনাল দাস উপস্থিত থাকি মন্তব্য আগবঢ়ায়।

Leave A Reply

Your email address will not be published.