কৃষক সমাৰোহ অনুষ্ঠিত

0 262

শস্য উৎপাদনৰ দিশত কৃষকসকলে কৰা শ্ৰমৰ মৰ্য্যাদাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে।এই আঁচনি সমূহৰ জৰিয়তে কৃষক ৰাইজ উপকৃত হ’ব।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা কৃষক সমাৰোহত উপস্থিত মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে কয়।লগতে তেখেতে কয় যে অসমত উৎপাদিত পাচলি ইতিমধ্যে লণ্ডন,হংকং,ছিংগাপুৰৰ বজাৰলৈ ৰপ্তানি হৈছে।আজিৰ অনুষ্ঠানত বহুকেইগৰাকী হিতাধিকাৰীক পাৱাৰ টিলা,ৰাইচ মিল,চলাৰ পাৱাৰ পাম্প চেট প্ৰদান কৰে।অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্ম,কৃষিমন্ত্ৰী অতুল বৰা,মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী,আইন উপদেষ্টা শান্তনু ভৰালীৰ লগতে বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.