এন আৰ এলৰ সমাজ সেৱা মূলক কাৰ্য্যসূচীৰ এক পদক্ষেপ

0 345

স্বচ্ছতা হি সেৱা অভিযানৰ অংশস্বৰুপে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডক এন আৰ এলে ৩০টা ডাষ্টবিন প্ৰদান কৰে।যোৱা ২৫ অক্টোবৰত শ্ৰদ্ধাঞ্জলি কাননত এই ডাষ্টবিন সমূহ   এন আৰ এলৰ কোম্পানী ছেক্ৰেটাৰী এছ কে শৰ্মা ,প্ৰণৱ বৰুৱা,সুব্ৰত দাস ,মধুচন্দা অধিকাৰীৰ লগতে বহুকেইগৰাকী বিষয়াৰ উপস্থিতি আনুষ্ঠানিকভাৱে বিতৰণ কৰে ।ইয়াৰ উপৰিও এন আৰ এলে স্বচ্ছতা হি সেৱা অভিযান উপলক্ষ্যে শোধনাগাৰ চৌহদত আৰু বিভিন্ন ঠাইত কাৰ্য্যসূচী অনুষ্ঠিত কৰিছে।এই অভিযানৰ আৰম্ভণিতে ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ বহিস্কাৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়।আনহাতে শোধনাগাৰ চৌহদ অন্য স্থানত ৱেষ্ট হেণ্ডেলিং আৰু প্লাষ্টিক প্ৰছেচিং ইউনিট স্থাপন কৰা হয়।ইয়াৰ উপৰিও শোধনাগাৰৰ সমীপৰ এখন গাঁৱত খোৱাপানীৰ এ টি এম ,ডাষ্টবিন বিতৰণৰ লগতে গছপুলি ৰোপনৰ কাৰ্য্যসূচী সমাপন কৰে ।

Leave A Reply

Your email address will not be published.