সজাগতা সপ্তাহ উদযাপন

0 237

নুমলীগড শোধনাগাৰ লিমিটেডে কেন্দ্ৰীয় সৰ্তকতা আয়োগৰ নিৰ্দেশনা অনুসৰি সত্যনিষ্ঠা এক জীৱন শৈলী থীমেৰে সৰ্তকতা সপ্তাহ অনুষ্ঠিত হয়। জানিব পৰা মতে এই সৰ্তকতা সপ্তাহ ২৮ অক্টোবৰৰ পৰা ২নৱেম্বৰলৈ অনুষ্ঠিত হয়।সৰ্তকতা সপ্তাহত শপত বাক্য পাঠ কৰায়।সৰ্তকতা সপ্তাহৰ লগত সংগতি ৰাখি বিদ্যালয় পৰ্য্যায়ৰ ছাত্ৰ ছাত্ৰী আৰু হিতাধিকাৰী সকলৰ মাজত ৰচনা প্ৰতিযোগিতা,পোষ্টাৰ মেকিং প্ৰতিযোগিতা,পেইণ্টিং প্ৰতিযোগিতা অনুষ্ঠিত হয়।প্ৰতিযোগিতাসমূহত বোকাখাট সংমণ্ডলৰ গোলাঘাট জিলাৰ ২৫খন বিদ্যালয়ৰ ১২খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।আনহাতে এন আৰ এলৰ চি এছ আৰৰ অধীনত আদৰ্শ গাঁও হিচাপে গঢ দিয়া নতুন পথাৰ নতুন গাঁৱত এখন গ্ৰাম্য সভা অনুষ্ঠিত কৰে।কোম্পানীৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাৰ লগতে প্ৰণিতা ডেকাই কাৰ্য্যসূচীৰ সম্পৰ্কে সভাক অৱগত কৰায়।

Leave A Reply

Your email address will not be published.