কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কৃষিত সংহত পোক পৰুৱা আৰু বেমাৰ নিয়ন্ত্ৰণ বিষয়ক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত
কৃষি কৰ্ম কৰোতে কৃষক সকলে পোক পৰুৱাৰ উপদ্রব নিয়ন্ত্ৰণ কৰি খেতিডৰাক কিদৰে বেমাৰৰ পৰা ৰক্ষা কৰি উৎপাদন অটুট ৰখা , বিজ্ঞানসন্মত পদ্ধতিৰে খেতি কৰি কৃষক সকলে আৰ্থিকভাৱে লাভবান হব পাৰে তাৰ লক্ষ্যৰে কিউ আৰ টিৰ অংশ হিচাপে মহানগৰীৰ আজাৰা কাঁহিকুহিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ উদ্যান শস্য গৱেষণা কেন্দ্ৰত ১৭ আৰু ১৮ মাৰ্চত “কৃষিত সংহত পোক পৰুৱা আৰু বেমাৰ নিয়ন্ত্ৰণ” বিষয়ক এক মত – বিনিময় আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। নতুন দিল্লীৰ আই চি এ আৰ – এন আৰ আই আই পি এমৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীত কেবাখনো জিলাৰ নিৰ্বাচিত ৬০ জন কৃষকে ভাগ লয় । আনহাতে দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে ১৭ মাৰ্চত নতুন দিল্লীৰ এ এছ আৰ বিৰ প্ৰাক্তন সদস্য ডঃ পি কে চক্ৰৱৰ্তী , প্ৰাক্তন উপাচাৰ্য ডঃ এছ কে চক্ৰৱৰ্তী অৱসৰপ্ৰাপ্ত প্ৰধান কৃষি বিজ্ঞানী ডঃ মহিন্দৰ সিং , এন আৰ আই আই পি এমৰ সঞ্চালক ডঃ মুকেশ সেহগাল , জ্যেষ্ঠ বিজ্ঞানী ডঃ পি এন মীনা, কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডঃ সমীৰণ পাঠককে ধৰি কেবাজনো কৃষি বিজ্ঞানীয়ে নলবাৰী জিলাৰ উদ্যান শস্য গবেষণা পদ্ধতিৰে কৰা কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰে । আনহাতে ১৮ মাৰ্চত কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ সভাগৃহত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা মূল উদ্ধোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ সমীৰণ পাঠকে আৰু আঁত ধৰে জ্যেষ্ঠ বিজ্ঞানী ডঃ কাবেৰী মহন্তই। অনুষ্ঠানত উপস্থিত থাকি ডঃ পি কে চক্ৰৱৰ্তী , ডঃ এছ কে চক্ৰৱৰ্তী , ডঃ মহিন্দৰ সিং, ডঃ মুকেশ সেহগাল, ডঃ পি এন মীনা, ডঃ সমীৰণ পাঠকে কৃষি কাৰ্যত পোক পৰুৱাৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰি কৃষক সকলে খেতিডৰাক কিদৰে বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব পাৰে তাৰ ওপৰত ভাষণ প্ৰদান কৰে।অনুষ্ঠানত এখন জাৰ্ণেল তথা পুস্তিকা উন্মোচন কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই নতুন দিল্লীৰ আই চি এ আৰ -এন আৰ আই আই পি এমৰ ডঃ মীনাক্ষী মালিকে। উল্লেখ্য যে কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনীও অনুষ্ঠিত হয়।