গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ ৰঙালী বিহু বিদায় সন্মিলনীৰ উদ্যোগত অহা ২৪ এপ্ৰিলত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত খানামুখ স্কুল খেলপথাৰত “মায়াবিনী ৰাতি” শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিয়লি ৩ বজাৰ পৰা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। নৃত্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ীক স্বৰ্গীয় গৌৰীশংকৰ দাস সোঁৱৰণী বঁটাসহ নগদ ৩,০০১ টকা , দ্বিতীয় বিজয়ীক স্বৰ্গীয় বলেন কলিতা সোঁৱৰণী বঁটাসহ নগদ ২, ০০১টকা আৰু তৃতীয় বিজয়ীক সন্মিলনীৰ ফালৰ পৰা স্বৰ্গীয় বদন ৰঞ্জন কলিতা আৰু স্বৰ্গীয় ভাৰত কলিতা সোঁৱৰণী বঁটাসহ নগদ ১,৫০১ টকা প্ৰদান কৰা হব। ইয়াৰ পূৰ্বে সিদিনা পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব সন্মিলনীৰ সভাপতি বীৰেন্দ্ৰ নাথ ঠাকুৰীয়াই । তাৰ পাছত স্মৃতি তৰ্পণ কৰিব খানামুখ শ্ৰী শ্ৰীলক্ষ্মী পূজা সমিতিৰ কাৰ্যকৰী সভাপতি কেশৱ কলিতাই আৰু বৃক্ষৰোপণ কৰিব প্ৰাক্তন সভাপতি সত্য ভৰালীয়ে। খেল ধেমালি প্ৰতিযোগিতা উদ্ধোধন কৰিব সন্মিলনীৰ উপ সভাপতিদ্বয় কমলা কলিতা আৰু মানিক কলিতাই। বিয়লি নৃত্য প্ৰতিযোগিতা উদ্ধোধন কৰিব খানামুখ শ্ৰী শ্ৰীলক্ষ্মী পূজা সমিতিৰ সভাপতি অনিল বৈশ্য আৰু উপ সভাপতি কনক চন্দ্ৰ বৈশ্যই। সন্ধিয়া স্বৰ্গীয় নৰেশ চন্দ্ৰ ঠাকুৰীয়া আৰু সূমিত্ৰা ঠাকুৰীয়া সোঁৱৰণী সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰিব বিশিষ্ট ব্যৱসায়ী দিলীপ ঠাকুৰীয়াই। নিশাৰ “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাকে ধৰি কেবাজনো ন – পুৰণি শিল্পীয়ে সংগীত, বিহু হুঁচৰিকে ধৰি জনগোষ্ঠীয় শিল্পীৰ দলে নৃত্য পৰিবেশন কৰিব। আনহাতে এইবেলি “মায়াবিনী ৰাতি” শীৰ্ষক অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বীৰেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াক সভাপতি , বিপুল কলিতাক কাৰ্যকৰী সভাপতি, হেমেন কলিতা আৰু ভূষণ মনি দাসক সাধাৰণ সম্পাদক, নৱজ্যোতি কলিতা ( তুতু ) , মনজিত কলিতা আৰু গৌতম দাসক সাংস্কৃতিক সম্পাদক, তপনজ্যোতি ঠাকুৰীয়াক কোষাধ্যক্ষ হিচাপে লৈ এখন ৫১ জনীয়া কাৰ্যকৰী সমিতি গঠন কৰা হৈছে।
Trending
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins