গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ২০২৫ চনৰ ২১-২২ জানুৱাৰীত মধ্য, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সংস্কৃতিক মুখ্য বিষয় হিচাপে লৈ এখন আন্তঃৰাষ্ট্ৰীয় সম্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই বিশেষ সম্মিলনখনৰ লক্ষ্য হৈছে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্কক ৰোমন্থন কৰা। মস্কোৰ ৰাছিয়ান ষ্টেট ইউনিভাৰছিটি ফৰ দা হিউমেনিটিজ, ইনষ্টিটিউট অব্ অৰিয়েণ্টেল ষ্টাডিজ, প্রাইমাকভ ইনষ্টিটিউট অব্ ৱৰ্ল্ড ইক’নমি এণ্ড ইণ্টাৰনেচনেল ৰিলেচনছ আৰু ইৰাকৰ কুট ইউনিভাৰছিটি কলেজৰ সহযোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্কুল অব হিউমেনিটিজ এণ্ড ছ’চিয়েল ছায়েন্স বিভাগে এই সম্মিলনখনৰ আয়োজন কৰিছে। গৱেষক আৰু অনুশীলনকাৰীসকলক সম্মিলনত উপস্থাপনৰ বাবে নতুন আৰু মৌলিক অন্তর্দৃষ্টিসম্পন্ন উচ্চমানৰ গৱেষণাপত্র দাখিল কৰিবলৈ আমন্ত্রণ জনোৱা হৈছে। এবষ্ট্রেক পত্র দাখিলৰ চূড়ান্ত তাৰিখ ২০২৪ৰ ৩১ ডিচেম্বৰ ধাৰ্য কৰা হৈছিল যদিও ২০২৫ বৰ্ষৰ ১০ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। নির্বাচিত অংশগ্রহণকাৰী সকলক অহা ১৫ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ গৱেষণাপত্র জমা দিবলৈ কোৱা হৈছে। ইচ্ছুকসকলে তেওঁলোকৰ এবষ্ট্রেকপত্র https://forms.gle/6DjA2tSsjxmNU7S7Aত প্ৰেৰণ কৰিব পাৰিব। অধিক তথ্যৰ বাবে তেওঁলোকে ড° ভাস্বতী শর্মা (ফোন ৯৭০৬৯২৭৫৪৬) অথবা ডঃ বন্দিতা বৰুৱা (ফোন ৮৭২৪০৯৭৩৯১)ৰ সৈতে যোগোযোগ কৰিব পাৰিব। ইয়াৰ উপৰি অধিক তথ্যৰ বাবে conference_gcu25@gcuniversity.ac.in লৈ মেইল কৰিব পাৰিব। গুণগত মানৰ গৱেষণাপত্র সম্পাদিত খণ্ডত প্ৰকাশৰ বাবে বিবেচনা কৰা হ’ব।
Trending
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন