অসমৰ অগ্ৰণী সমাজসেৱী সাংস্কৃতিক সন্থা সুৰতীৰ্থৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰীৰ জ্যোতি নগৰস্থিত পূৱ গুৱাহাটী উচ্চ বিদ্যালয়ৰ সহযোগিতাত উক্ত বিদ্যালয়ৰ প্ৰাঙ্গণত তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী “অসমীয়া পুৰণি গীতৰ কৰ্মশালা”ৰ ১৫ জুনত সফল সামৰণি পৰে। এই উপলক্ষে বিশিষ্ট সংগীতজ্ঞ, অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনীৰঞ্জন পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আদৰণি ভাষণ দিয়ে পূৱ গুৱাহাটী উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আনন্দিতা চক্রবর্তীয়ে। সভাত বিশিষ্ট অতিথি হিচাপে বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই অংশ লৈ সুৰতীৰ্থৰ প্ৰচেষ্টা অতি আদৰণি বুলি মন্তব্য কৰি কয়- “বৰ্তমান আমি এক জটিল সন্ধিক্ষণত উপনিত হৈছোঁ। এইক্ষেত্ৰত আমি পুৰণি গীতিকাৰ, গায়ক, কবি সকলৰ সৃষ্টিৰাজিসমূহ পুনৰ নতুন প্রজন্মৰ মাজলৈ আগবঢ়াই দিব লাগে। জ্যোতি-বিষ্ণু, পাৰ্বতী, অম্বিকাগীৰি, ভূপেন আদিৰ যাউতিযুগীয়া গীত আজিৰ প্ৰজন্মৰ বাবে বৰ জৰুৰী হৈ পৰিছে।” আসাম ভেলি স্কুল, বালিপাৰা, তেজপুৰৰ শিক্ষয়িত্ৰী তথা বিশিষ্ট কন্ঠশিল্পী ড০ পৰিণীতা গোস্বামীয়ে সভাত অংশ লৈ কয়- কঠোৰ অনুশীলন, অধ্যাৱসায়ৰ জডিয়তে এজন ভাল শিল্পী হ’ব পাৰি বুলি কয়। সুৰতীৰ্থৰ সভাপতি তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত এডভোকেট জেনেৰেল চিন্ময় চৌধুৰীয়ে কয়- “আমি শিকাৰ মনোভাব থাকিলে সকলো শিকিব পাৰোঁ। একাগ্রতাৰ বৰ প্ৰয়োজন। প্ৰায় অষ্টম, নৱম শ্ৰেণীলৈ বহুতে গীত-মাত শিকে। পিছলৈ এৰি দিয়ে, নানান অজুহাতত । আমি শিল্প জীবন-জীৱিকা আৰ্জন কৰিব পাৰি।” সভাত সংগীত শিল্পী বিমল কুমাৰ দেৱ মেধি, দ্বীজেন কাকতি, বন্দনা তালুকদাৰ, ভাৰত কাকতি, কবিতা বৰুৱা, ৰূপাঞ্জলী বৰুৱা, প্ৰতুল গোস্বামী, শিক্ষক দিলীপ কুমাৰ শৰ্মা, সুৰতীৰ্থৰ সম্পাদক হীৰেণ শৰ্মাই বক্তব্য দাঙি ধৰে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan