অসমৰ অগ্ৰণী সমাজসেৱী সাংস্কৃতিক সন্থা সুৰতীৰ্থৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰীৰ জ্যোতি নগৰস্থিত পূৱ গুৱাহাটী উচ্চ বিদ্যালয়ৰ সহযোগিতাত উক্ত বিদ্যালয়ৰ প্ৰাঙ্গণত তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী “অসমীয়া পুৰণি গীতৰ কৰ্মশালা”ৰ ১৫ জুনত সফল সামৰণি পৰে। এই উপলক্ষে বিশিষ্ট সংগীতজ্ঞ, অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনীৰঞ্জন পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আদৰণি ভাষণ দিয়ে পূৱ গুৱাহাটী উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আনন্দিতা চক্রবর্তীয়ে। সভাত বিশিষ্ট অতিথি হিচাপে বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই অংশ লৈ সুৰতীৰ্থৰ প্ৰচেষ্টা অতি আদৰণি বুলি মন্তব্য কৰি কয়- “বৰ্তমান আমি এক জটিল সন্ধিক্ষণত উপনিত হৈছোঁ। এইক্ষেত্ৰত আমি পুৰণি গীতিকাৰ, গায়ক, কবি সকলৰ সৃষ্টিৰাজিসমূহ পুনৰ নতুন প্রজন্মৰ মাজলৈ আগবঢ়াই দিব লাগে। জ্যোতি-বিষ্ণু, পাৰ্বতী, অম্বিকাগীৰি, ভূপেন আদিৰ যাউতিযুগীয়া গীত আজিৰ প্ৰজন্মৰ বাবে বৰ জৰুৰী হৈ পৰিছে।” আসাম ভেলি স্কুল, বালিপাৰা, তেজপুৰৰ শিক্ষয়িত্ৰী তথা বিশিষ্ট কন্ঠশিল্পী ড০ পৰিণীতা গোস্বামীয়ে সভাত অংশ লৈ কয়- কঠোৰ অনুশীলন, অধ্যাৱসায়ৰ জডিয়তে এজন ভাল শিল্পী হ’ব পাৰি বুলি কয়। সুৰতীৰ্থৰ সভাপতি তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত এডভোকেট জেনেৰেল চিন্ময় চৌধুৰীয়ে কয়- “আমি শিকাৰ মনোভাব থাকিলে সকলো শিকিব পাৰোঁ। একাগ্রতাৰ বৰ প্ৰয়োজন। প্ৰায় অষ্টম, নৱম শ্ৰেণীলৈ বহুতে গীত-মাত শিকে। পিছলৈ এৰি দিয়ে, নানান অজুহাতত । আমি শিল্প জীবন-জীৱিকা আৰ্জন কৰিব পাৰি।” সভাত সংগীত শিল্পী বিমল কুমাৰ দেৱ মেধি, দ্বীজেন কাকতি, বন্দনা তালুকদাৰ, ভাৰত কাকতি, কবিতা বৰুৱা, ৰূপাঞ্জলী বৰুৱা, প্ৰতুল গোস্বামী, শিক্ষক দিলীপ কুমাৰ শৰ্মা, সুৰতীৰ্থৰ সম্পাদক হীৰেণ শৰ্মাই বক্তব্য দাঙি ধৰে।
Trending
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ