বহু ঘাট প্ৰতিঘাটৰ পিছতো কণ্টকময় বাটেৰে বাট বুলি অসমীয়া সাপ্তাহিক কৱচ কাকতখনে ২৯ তম্ বৰ্ষ সম্পূৰ্ণ কৰিলে।এই উপলক্ষে কালি গুৱাহাটী প্ৰেছ ক্লাবত কৱচ কাকত খনৰ সম্পাদক উপদেষ্টা ধীৰাজ কুমাৰ দাসৰ পৌৰহিত্যত এখন সভা অনুস্থিত হয়। কৱচ কাকতখনৰ সম্পাদক খনীন্দ্ৰ কলিতাই উদ্দেশ্য ব্যাখ্যা আৰু বিজুমা বেগমে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাপ্তাহিক কৱচৰ প্ৰতিস্থাপক সম্পাদক প্ৰণতি বৰাই বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।এই বৰ্ষপুৰ্তি উপলক্ষে সাপ্তাহিক কৱচ কাকতখনৰ বাৰ্ষিক মুখপত্ৰ ‘কৱচৰ ভাখেৰী’ প্ৰথম সংখ্যাটি কিশোৰ কুমাৰ কলিতা আৰু সুনীল দাসৰ সম্পাদনাৰে প্ৰকাশ কৰি উলিওৱা হয়। এই মুখপত্ৰ “কৱচৰ ভাখেৰী” আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। উন্মোচন কৰি বৰাই কৱচ নামৰ কাকত খনত শক্তিশালী শব্দটো জড়িত হৈ আছে। কৱচে কিমান ঘাট-প্ৰতিঘাটৰ পাৰ কৰি আজি ২৯ বছৰত ভৰি দিছে। কৱচৰ আৰৰ মানুহবোৰক জানিবলৈ মন যায়। আমি অসমীয়া ভাষা ক’ব পাৰো কিন্তু লিখিব নোৱাৰে। টান টান শব্দবোৰ আমি লিখিবলৈ টান পোৱা হৈছে। এই চিন্তা বোৰে আমাক সংকটত মাজলৈ ঠেলি দিয়ে বুলি কোৱাৰ লগতে অসমীয়া ভাষাৰ বিষয়ে বিশদভাৱে ভাষণ প্ৰসংগত উল্লেখ উন্মোচক বৰাই কৰে। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ সঞ্চালিকা প্ৰণিতা কলিতাই অংশগ্ৰহণ কৰা সভাত মুখ্য অতিথি হিচাপে আমাৰ অসমৰ কাকত খনৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা উপস্থিত থাকি আজিৰ সমাজ ব্যৱস্থাত পাঠকৰ সংখ্যা হ্ৰাস হ’লেও ছপা মাধ্যমৰ গুৰুত্ব আছে আৰু ভৱিষ্যতে থাকি বুলি শৰ্মাই কয়। লগতে ১৯৮০ চনৰ পৰা দক্ষিণ কামৰূপকে ধৰি অসমৰ বিভিন্ন ঠাইত কাকত, আলোচনী জন্ম হৈছিল। কৱচে কেতিয়াও পক্ষপাতিত্ব ভাৱে বাতৰি পৰিবেশন কৰা নাছিল। সাংবাদিক হিচাপে মই কৱচলৈ গৌৰৱ অনুভৱ কৰিছো। বৰ্তমান শিক্ষা, সাংবাদিকতা, সাংস্কৃতি আৰু অৰ্থনীতিৰ ওপৰত আক্ৰমণ হৈছে। যিখন ৰাজ্যত অসমীয়া ভাষা ভালকৈ নাজানে তেতিয়া আমাৰ ভাষাৰ লগতে সৰু সৰু বাতৰি কাকত, আলোচনী সংকটৰ গৰাহত। লগতে বৰ্তমান অসমৰ ৬০ শতাংশই শিক্ষকে বাতৰি কাকত নপৰে আৰু কিছু সংখ্যক সাংবাদিকেও নিজে লিখা কাকতখন নপঢ়ে। ই এক চিন্তনীয় বিষয়। মই ভাৱো প্ৰাথমিক পৰ্যায়ত মাতৃভাষাতকৈ শ্ৰেষ্ঠ ভাষা নাই। অসমীয়া ভাষা লিখিব আৰু পঢ়িব নাজানিলে আমি ভাষাকলৈ সভা বা ভাষণত ক’লে নহ’ব। ভাষাকলৈ আমি সচেতন হ’ব লাগিব। লগতে বিশিষ্ট শিল্পী জে.পি.দাসক জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰাৰ বাবে কবচ গোষ্ঠীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। সভাত অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী পংকজ লোচন গোস্বামীয়ে কৱচ কাকত আৰু প্ৰভাতী সংবাদ গোষ্ঠীৰ বিষয়ে ভাষণ প্ৰদান কৰি এনে প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰে। সভাত কাকতখনৰ এসময়ৰ স্বত্বাধিকাৰী তথা বৰ্তমানৰ উপদেষ্টা সম্পাদক প্ৰকাশ বৰা আৰু স্বত্বাধিকাৰী প্ৰণিতা বৰাই উপস্থিত থাকি নিজৰ ভাষণ প্ৰসংগত কয় যে–১৯৯৬ চন বহু কষ্টৰ মাজেৰে এই কাকতখন আৰম্ভ কৰিছিলো। কাকতখনৰ আমাৰ আবেগ, অভিনুভূতি আদি জড়িত হৈ আছে। লগতে এই কাকতখন পৰিচালনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন ঘাট-প্ৰতিঘাটৰ পুৰণি কথাবোৰ স্মৰণ কৰি নষ্টালজিক হৈ পৰে। লগতে বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলে বাতৰি কাকত পঢ়িব ইচ্ছা প্ৰকাশ নকৰে। ইয়াৰ আমাৰ ভাষা সংস্কৃতি ক্ষেত্ৰত বহুত অসুবিধা আহিব পাৰে। লগতে বৰ্তমান কাকতখন প্ৰকাশ কৰি অহা সম্পাদনাৰ আৰৰ পৰিয়ালটি ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জে.পি দাসক জীৱন যোৰা সাধনা বঁটা প্ৰদান কৰা হয়। বঁটাত আছে এখন ফুলাম গামোচা, চেলেং চাদৰ, জাপি, শৰাই, স্মাৰক আৰু মানপত্ৰ। বঁটা গ্ৰহণ কৰি জে.পি.দাসে কয় যে–জীৱন জোৰা সাধনা বঁটাৰ বাবে মই যোগ্য নহয় তথাপি মোৰ বাবে ই সদায় প্ৰেৰণা যোগাব। কিমান সাধনা কৰিছো নাজানোঁ বুলি এটি সুমুধুৰ গীতৰ কৰি গুণগুণাই উপস্থিত সকলোকে অভিভূত কৰে।অনুষ্ঠানত সাপ্তাহিক কৱচৰ কাকত খনৰ লেখনীৰে সমৃদ্ধ কৰা ৭ গৰাকী বৰ্ষ শ্ৰেষ্ঠ লেখক ক্ৰমে ড০ বুলজিৎ বুঢ়াগোহাঁই, ড০ ৰেৱন দেৱ শৰ্মা, নুৰুল ইছলাম, বিজুমা বেগম, বেনজিন চুলতানা, চিন্ময় ডেকা আৰু দেৱৰ্ষি গৌতমক এই সকলক কাকত গোষ্ঠী তৰফৰ একোখনকৈ ফুলাম গামোচা, শৰাই, জাপিৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
Trending
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins
- National Science Centre, Guwahati Celebrated International Museum Day 2026 with Inauguration of Orchid and Cactus Garden
- NSE Commences Trading in Electronic Gold Receipts (EGRs)
- সাতমাইলত ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বহাগী উৎসৱ উদযাপন
- অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক সজাগতা সভা
- CM Dr. Sarma inaugurates Digital and AI powered bank branch of Slice Small Finance Bank in Guwahati
- Assam Governor administers oath of office to Chandra Mohan Patowary as Pro-tem speaker
- ৰাষ্ট্ৰীয় ডেংগু দিৱস: ভাৰতৰ নগৰসমূহ ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ আশংকা