চচল শতদল শাখা সাহিত্য সভাৰ উদ্যোগত ১৭ জানুৱাৰীত মংগলবাৰে শাখা সভাৰ কাৰ্যালয় ৰবীন্দ্ৰনাথ দাস সভাগৃহত সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭২ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি প্ৰখ্যাত মুকাভিনয় শিল্পী, সংগীত-নাটক অকাডেমী বঁটা প্ৰাপক মইনুল হকক শিল্পী সম্বৰ্ধনা জনোৱা হয় । শিল্পী দিৱসৰ দিনযোৰা কাৰ্যসূচীৰ পুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ নৱ-নিৰ্বাচিত উপ-সভাপতি কনক মহন্তই, ৯-০০ বজাত স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি কৃষ্ণকান্ত নাথে । বিয়লি ৩-০০ বজাৰ মুকলি সভাত সভাপতিত্ব কৰে শাখাৰ সভাপতি বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে । সভাত বিশিষ্ট শিক্ষাবিদ, ডিব্ৰুগড় বিশ্ব-বিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° আনন্দ বৰমুদৈয়ে অসমীয়া সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিগৰাকীৰ ৰচিত নাটসমূহৰ তাত্ত্বিক বিশ্লেষণ আগবঢ়াই উপস্থিত ৰাইজক আপ্লুত কৰে। লগতে স্থানীয় কণ কণ চেমনীয়া সকলে পৰিৱেশন কৰা জ্যোতিপ্ৰসাদৰ গীতৰ শৰায়ে সভাগৃহ মুখৰিত কৰে।অসম সংগীত অ মোৰ আপোনাৰ দেশ গীতেৰে সভাৰ সামৰণি পৰে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন