চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান

0 95

৩০জুনৰ ভিতৰত যানবাহনৰ নথিপত্ৰ সঠিক কৰি সুৰক্ষিত যাতায়াত নিশ্চিত কৰাৰ বাবে জনোৱা আহ্বানৰ পিছত পৰিবহণ বিভাগৰ সহায়কাৰী বিষয়া-কৰ্মীৰ দলে মহানগৰ জিলাখনত ঘৰে ঘৰে উপস্থিত হৈ বাহনৰ গৰাকীক বিশেষভাৱে সেৱা আগবঢ়াইছে ৷ পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ নেতৃত্বত চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণিৰে পৰা কাৰ্যালয় খোলা থকা প্ৰায় প্ৰতিটো দিনতে বাহনৰ গৰাকীৰ ঘৰ-কাৰ্যালয়, উদ্যোগ-প্ৰতিষ্ঠান আদিত উপস্থিত হৈ নথিপত্ৰ বিষয়ক বিভিন্ন সমস্যাৰ সমাধান কৰিছে। তৎস্বত্বেও বহু বাহনৰ নথিপত্ৰসমূহ এতিয়াও সঠিক নকৰাটো সেৱা কাৰ্যসূচীত পোহৰলৈ আহিছে। আনহাতে বৰ্হিৰাজ্যত যানবাহন পঞ্জীয়ণ কৰি সেই ৰাজ্যৰ নাম্বাৰ প্লেট লগাই অসমত ব্যৱসায় বাণিজ্য চলাই থকাৰ পিছতো বহু বাহনৰ নথিপত্ৰসমূহ অসমৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত সঠিক কৰি নোলোৱাৰ তথ্য জনসেৱা কাৰ্যসূচীত ধৰা পৰিছে। এইক্ষেত্ৰত পৰিবহণৰ উচ্চপদস্থ বিষয়া গৌতম দাসে কয় যে নথিপত্ৰ সঠিক কৰি নৰখাকৈ বাহন চলোৱাতো যান-বাহন আইন বিৰোধী কাৰ্য। কিয়নো সঠিক নথিপত্ৰ অবিহনে কোনো যানবাহনৰে আইনী অস্তিত্ব নাথাকে। তেওঁ আৰু কয় যে,অসম যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ সেয়ে নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰামকে ধৰি চুবুৰীয়া অনান্য ৰাজ্যৰ উদ্যোগ-প্ৰতিষ্ঠানে ইয়াত ব্যৱসায়-বাণিজ্য চলোৱাটো সাধাৰণ কথা। কিন্তু ব্যৱসায় নিগাজি হোৱাৰ লগে লগে প্ৰতিষ্ঠানসমূহে ব্যৱহাৰ্য বাহনসমূহ অসমৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, বিশেষকৈ সৰ্বাধিক সংখ্যকে যিহেতু গুৱাহাটীতে ব্যৱসায় চলাই আছে সেয়ে তেওঁলোকে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পঞ্জীয়ন কৰি যাৱতীয় কৰকাটল দিব লাগিব ৷ অসমৰ ৰাজপথত চলা প্ৰতিখন বাহনকে প্ৰতিনিয়ত সুৰক্ষা দিবলৈ ইয়াৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়সমূহে যিহেতু সদাসচেতন ভূমিকা গ্ৰহণ কৰি আহিছে সেয়ে অসমৰ যানবাহন আইনৰ আওটালৈ আহিবলৈ সকলো যানবাহন ব্যৱহাৰকাৰী দায়বদ্ধ হ’ব লাগিব। একেদৰে স্থানীয় যানবাহনৰ গৰাকী, নিৰ্মাণ সংস্থা, উদ্যোগ-প্ৰতিষ্ঠান আদিকো চলিত মাহৰ বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য আৰু গুৰুত্বৰ প্ৰতি দায়বদ্ধ হৈ কোনো বাহনেই যাতে প্ৰদূষণ সৃষ্টি নকৰে সেয়া নিশ্চিত কৰি প্ৰদূষণমুক্তৰ বৈধ প্ৰমাণ-পত্ৰ লগত লৈহে বাহন চলাবলৈ আহ্বান জনাইছে। লগতে যানবাহন আইন অনুসৰি চালকৰ অনুজ্ঞাপত্ৰ, বাহন পঞ্জীয়ণৰ প্ৰমাণ-পত্ৰ আৰু বীমা পলিচি আদি নথিপত্ৰ ৩০জুনৰ ভিতৰত সঠিক কৰি লৈহে বাহন চলাবলৈ আহ্বান জনোৱা হৈছে ৷ নথিপত্ৰ সঠিক নকৰাকৈ বাহন চলোৱাৰ ফলত দুৰ্ঘটনাত পতিত হৈ তৃতীয় পক্ষক ক্ষতিপূৰণ দিবলগীয়া হোৱাৰ পিছতো চৰকাৰ আৰু বীমা কোম্পানীৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত বহু বাহনৰে অসচেতন গৰাকীয়ে দিকবিদিক হেৰুৱাবলগীয়া হোৱা পৰিস্থিতিৰ কথাও উল্লেখ কৰি নিজৰ কতৰ্ব্য আৰু দায়িত্ববোধ সন্দৰ্ভত বাহনৰ গৰাকীক পৰিবহণ বিষয়াগৰাকীয়ে সকিয়াই দিয়ে ৷

Leave A Reply

Your email address will not be published.