আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত শিবিৰৰ সফল সামৰণি পৰে। আয়োগৰ সদস্যসকলে নাবালকৰ ন্যায়, শিশুৰ শিক্ষা, শিশুৰ যৌন নিৰ্যাতন, শিশু শ্ৰমিক, বাল্য বিবাহ, শিশুৰ স্বাস্থ্য, শিশুৰ মানসিক স্বাস্থ্য আদিৰ ওজৰ-আপত্তিসমূহ অভিভাৱকসকলৰ পৰা গ্ৰহণ কৰে। আজিৰ শিবিৰৰ মুখ্য আকৰ্ষণ আছিল— আধাৰ কাৰ্ড, বাধাগ্ৰস্ত শিশুৰ প্ৰমাণপত্ৰ, স্বাস্থ্য পৰীক্ষা, আয়ুষ্মান ভাৰত কাৰ্ড, বেংক একাউণ্ট আদি। যিসকল শিশু এই অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকক এই সুবিধাসমূহ প্ৰদান কৰিবলৈ আয়োগে যৎপৰোনাস্তি চেষ্টা কৰে। জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ সহযোগত শিশুসকলক শিবিৰলৈ অনা হয়। আজিৰ শিবিৰত ৮১০গৰাকী শিশুৰ নাম পঞ্জীয়ন কৰা হয়। তাৰ ভিতৰৰ ৩৫০গৰাকী শিশুৰ ওজৰ-আপত্তি থিতাতে সমাধান কৰা হয়। বাকীসকলৰ ওজৰ-আপত্তিসমূহ পৰ্যায়ক্ৰমে সমাধান কৰা হ’ব। উল্লেখ্য যে ৫১গৰাকী শিশুৰ আধাৰ কাৰ্ডৰ বাবে নাম পঞ্জীয়ন কৰাৰ লগতে ২৬গৰাকী বাধাগ্ৰস্ত শিশুক প্ৰমাণপত্ৰ, ১১২গৰাকীক এছ বি আই আৰু য়ুকো বেংকৰ একাউণ্ট আগবঢ়োৱা হয়। ইয়াৰ লগতে ২৬গৰাকীৰ আয়ুষ্মান কাৰ্ডৰ ই-কে ৱাই চিও কৰা হয়। ১০গৰাকী শিশুক ইতিমধ্যে ইছ্যু হৈ থকা বাধাগ্ৰস্ততাৰ প্ৰমাণপত্ৰ দিয়াৰ উপৰি ৩গৰাকী শিশুক ইতিমধ্যে ইছ্যু হৈ থকা আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয়। লগতে ৩গৰাকী শিশুক হুইল শ্বেয়াৰো প্ৰদান কৰা হয়। আজিৰ শিবিৰত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিনিধি শাশ্বতীপ্ৰিয়া, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যদ্বয় ফণীন্দ্ৰ বুজৰবৰুৱা আৰু ৰিলাঞ্জনা তালুকদাৰ মহন্ত, অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্তত্ৰয় হিতেশ বড়ো, অৰুণিমা কাকতি আৰু কবিতা ফাংচ’, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, বিটিআৰ ফেল’ আদি উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।
Trending
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন
- গুৱাহাটীত সপ্তাহজোৰা অসামৰিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান