নিৰাময়ৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত “৭৫ তম আজাদী কা অমৃত মহোৎসৱ “ৰ লগত সংগতি ৰাখি world Organ donation Day উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী প্ৰেক্ষাগৃহত নেত্ৰ্দান আৰু Stem cell দানৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নিৰাময়ৰ ট্ৰাষ্টি পল্লৱী নেওগ বৰাই।উক্ত সভাৰ আঁত ধৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অমিয় কুমাৰ দাসে। সভাখনত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ ৰাজীৱ দাস, ডাঃ মেথিউ চেভিঅ সমল ব্যক্তি হিচাপে নেত্ৰ দানৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে। নিৰাময়ৰ সভাপতি কুশল ডেকাই নেত্ৰ দানৰ সজাগতাৰ ওপৰত ব্যক্তব্য ৰাখে।বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰমুখ্যে প্ৰায় দুই শতাধিক শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত অংশগ্ৰহন কৰে। উক্ত সভাতেই তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ ৰবীন দত্তকে আদি কৰি বহুসংখ্যক লোকে মৰণোত্তৰ ভাৱে নেত্ৰ্দানৰ বাবে সন্মতি পত্ৰত স্বাক্ষৰ কৰে। নেত্ৰ দানৰ সজাগতাৰ লগতে অনুষ্ঠানটোত ষ্টেমচেল দানৰ সজাগতাৰ ওপৰত আলোকপাত কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰ ভঁৰালৰ কৰ্মচাৰী হিৰক শৰ্মাই। সভাখনত বিশেষ সহযোগিতা আগবঢ়াই নিৰাময়ৰ ফালৰ পৰা বিকাশ বৰুৱা আৰু বাসুদেৱ কলিতা আৰু বিশ্ববিদ্যালয়ৰ নেশ্যনেল চাৰ্ভিছ স্কিমৰ ছাত্ৰ ছাত্ৰীসকলে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন