দেশৰ দুচকীয়া ইলেকট্ৰনিক বাহন নিৰ্মাতা অগ্ৰণী কোম্পানী “বেনলিং ইণ্ডিয়া এনাৰ্জী এণ্ড টেকনোলজী প্ৰাইভেট লিমিটেডৰ ( বি ই এন এল জি ) এখন বিপনি সোমবাৰে এ কে দেব পথৰ ফটাশিল আমবাৰীৰ তুলা ফেক্টৰীত মুকলি কৰা হয় । বিপনিখন মুকলি কৰে বিশিষ্ট অভিনেতা যতীন বৰা আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত যতীন বৰাই কয় বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্থিতিত প্ৰদূষণৰ মাত্ৰা কম কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইলেকট্ৰনিক বাহনৰ চলাচলত গুৰুত্ব আৰোপ কৰিছে । তেনেদৰে ডিজেল বা পেট্ৰলচালিত বাহনত হোৱা ইন্ধনৰ ব্যয়ৰ তুলনাত ইলেকট্ৰনিক বাহনৰ খৰছ বহুত কম । আনহাতে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই এনে ধৰণৰ বিপনি স্থাপন কৰিবলৈ আগবাঢ়ি অহা বাবে দুই শিক্ষিত উদ্যমী যুৱক অংশুমান গোস্বামী আৰু অৰ্ণব কুন্দুৰ শলাগ লয় । উল্লেখযোগ্য যে ৰাজসাহায্যযুক্ত এই ইলেকট্ৰনিক দুচকীয়া বাহনখন দুটা মডেলত উপলব্ধ হব । ইয়াৰে চাৰিটা ৰঙত উপলব্ধ হবলগীয়া হাইস্পীদ মডেলৰ দাম হব প্ৰায় ১.১২ লাখ টকা আৰু ইয়াক এবাৰ সম্পূৰ্ণকৈ চার্জ দিলে প্ৰায় ১০০ কিঃমিঃ দূৰত্বলৈ চলাব পাৰিব । তেনেদৰে লো স্পিড মডেলৰ দাম হব প্ৰায় ৭০ ৰ পৰা ৮০ হাজাৰ টকাৰ ভিতৰত আৰু এবাৰ সম্পূৰ্ণকৈ চার্জ দিলে ই ৬০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিব পাৰিব ।
Trending
- নগাঁৱত গঠিত হ’ল অসম পেৰা অলিম্পিক সংস্থা
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা