সৈনিক শিল্পী,বিপ্লৱী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম দিৱস উপলক্ষে সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ বৰঝাৰ বাগান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ‘ডেকা বন্ধু’ৰ সহযোগত ৩১ জানুৱাৰীত কৰাপাৰা নামঘৰ প্ৰাংগণত এখন কৃষক মেল অনুষ্ঠিত হৈ যায়! আৰম্ভণিতে বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্ঞলন কৰে কেশৱ ৰাভাই আৰু মালাৰ্পণ কৰে সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সম্পাদক দীনেশ দাসে! ইয়াৰ পিছত শিশু শিল্পীসকলে গীত-নৃত্য পৰিবেশন আৰু শিল্পী আনন্দ দাসে তিনিটা গীত পৰিববেশন কৰে! দীনেশ দাস আৰু সংঘৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজেন ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত কৃষক মেলত সমল ব্যক্তি হিচাপে কৃষি বিজ্ঞানী তাজ আহমেদ উপস্থিত থাকি থলুৱা আৰু হাই ইলণ্ডিঙ ধানৰ বীজ সংৰক্ষণৰ পদ্ধতি,বেমাৰ আজাৰৰ প্ৰতিৰোধ সম্পৰ্কত পৰামৰ্শ আগবঢ়ায়! আৰমণিতে কৃষক মেলৰ উদ্দেশ্য আৰু আদৰণি জনায় ৰাচু ৰাভা আৰু জেহেৰুল ইছলামে!
Trending
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন