সৰুসজাই ষ্টেডিয়ামত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা ঝুমইৰ বিনন্দিনী শীর্ষক অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ আজি বুজ লয় ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই।
অসমৰ চাহ বাগিচা অধ্যুষিত অঞ্চল সমূহৰ ৰাইজৰ প্ৰাণৰ উৎসৱ হৈছে কৰম পূজা, এই কৰম পূজাত কৰমতী সকলে বিভিন্ন নীতি নিয়মৰ মাজেৰে মাদলৰ তালে তালে ঝুমইৰ নাচ পৰিৱেশন কৰে।
চাহ জনগোষ্ঠীৰ লোক সকলৰ মাজত প্ৰচলিত অতিশয় দৃষ্টি নন্দন এই ঝুমইৰ নাচক এক বিশেষ ব্যাপ্তি দিয়াৰ নিমিত্তে অসম চৰকাৰে এই ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ আয়োজন কৰিছে।’ এডভান্টেজ অসম ২.০’ৰ প্ৰাক ক্ষণত আয়োজন কৰা আৰু প্ৰায় ৮হেজাৰ নৃত্য শিল্পীয়ে অংশ গ্ৰহণ কৰিব লগা এই নৃত্যানুষ্ঠান যাতে সূচাৰুৰূপে অনুষ্ঠিত হয় ।তাৰবাবে সাংস্কৃতিক মন্ত্রী বড়াই বিষয়া সকলক লগত লৈ পুংখানুপুংখ ভাবে ইয়াৰ সকলো দিশ পৰ্যালোচনা কৰে।
সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীয়, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল দাস, যুটীয়া সচিব তথা সাংস্কৃতিক মন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজীৱ থাপা,লোক নিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে কেবাটাও বিভাগৰ বিষয়াসকলৰ উপস্থিতিত নাচ পৰিৱেশনৰ সময়ত যাতে শিল্পী সকলে সূচল অনুভৱ কৰে তাৰ বাবে ষ্টেডিয়ামত থাকিবলগীয়া ব্যৱস্থা, প্ৰায় ৪হেজাৰোধিক মহিলা শিল্পীয়ে অংশ গ্ৰহণ কৰিব লগা অনুষ্ঠানৰ সময়ত যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সমুখীন নহয় তাৰ ওপৰত মন্ত্রী গৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে।ষ্টেডিয়ামত মাদল বজোৱা পুৰুষ শিল্পী সকলৰ অৱস্থান আদি বিভিন্ন দিশ তন্ন তন্ন কৈ মন্ত্রী বড়াই পৰীক্ষা কৰে।
অনুষ্ঠানত প্ৰধান মন্ত্ৰীৰ বাবে নিৰ্মাণ কৰি থকা বিশেষ মঞ্চও মন্ত্রী গৰাকীয়ে পৰিদৰ্শন কৰি বিষয়া সকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে।
পৰ্যালোচনাৰ শেষত অসমৰ জনজীৱনৰ এই অনিন্দ্য সুন্দৰ নৃত্য বিধক এক বিস্তৃতি প্ৰদানৰ উদ্দেশ্য ,লগতে বিশ্ব বাসীক ঝুমইৰ নাচ আৰু ইয়াৰ সৈতে জড়িত অন্য আনুসংগিক দিশৰ মাদকতা অনুভৱ কৰোৱাৰ মানসেৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি মন্ত্রী বড়াই সাংবাদিকৰ আগত মন্তব্য কৰে।
উল্লেখ্য যে ইতিমধ্যে এই অনুষ্ঠানৰ বাবে শিল্পী নিৰ্বাচনৰ পাছত আঞ্চলিক ভিত্তিত আখৰাও সম্পূৰ্ণ হৈছে। সৰুসজাই ষ্টেডিয়ামত ঝুমইৰ বিনন্দিনীত অংশগ্রহণৰ বাবে শিল্পী সকল অহা ২০ ফেব্রুৱাৰীত বিভিন্ন জিলাৰ পৰা জিলা প্ৰশাসনৰ তত্বাৱধানত বাছেৰে আহি গুৱাহাটীত উপস্থিত হ’ব। শিল্পী সকলে ২১ৰ পৰা২৩ ফেব্রুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত আখৰাত অংশগ্ৰহণ কৰিব।শিল্পী সকলৰ থকা মেলাৰ বাবে মহানগৰীৰ বিভিন্ন হোটেল, ৰিজৰ্ট আদি ৰাজ্য প্ৰশাসনে সংৰক্ষণ কৰি ৰাখিছে।আজিৰ পৰ্যালোচনাত এই অনুষ্ঠানতি যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে সাংস্কৃতিক মন্ত্রী বড়াই সকলৰে সহযোগিতা কামনা কৰে।