সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে সাংবাদিকৰ দায়িত্বও বৃদ্ধি পাইছে ৷ বাতৰি পৰিবেশনত বিভিন্ন চাপৰ সৃষ্টি হ’লেও সাংবাদিকজনে নিজৰ কৰ্তব্যৰ পৰা পিছ হুহুঁকি নহাটো সততাৰ অন্যতম নিদৰ্শন ৷এই মন্তব্য ৰাজ্যৰ সংবাদক্ষেত্ৰখনৰ পিতামহ স্বৰূপ কনকসেন ডেকাৰ ৷আজি মহানগৰীৰ অগ্ৰদূত ভৱনৰ সভাগৃহত জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছাম (জুৱা)ৰ গুৱাহাটী মহানগৰ কমিটি আৰু জুৱাৰ ৰাজ্যিক কমিটিৰ উদ্যোগত আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডেকাই আৰু কয় আমি সীমিত পৰিসৰৰ মাজেদি উদ্দেশ্যত উপনিত হোৱাৰ সমান্তৰালকৈ নিজৰ কলমৰে নিগৰি অহা লিখনি সমাজৰ কল্যাণৰ অৰ্থে আৰু ইয়াৰ ব্যতিক্ৰম নহয় বুলি উল্লেখ কৰে ৷বৰ্ষীয়ান সাংবাদিক গৰাকীয়ে তেওঁৰ সুদীৰ্ঘদিনৰ সাংবাদিকতাৰ কিছু অভিজ্ঞতা বণৰ্না দি কয় এটা সময়ত চৰকাৰৰ কিছু জনবিৰোধী কাৰ্যকলাপ আৰু সক্ৰিয় বিদ্ৰোহী সংগঠনৰ এটাৰো হঠ কাৰিতা কামকাজৰ বিৰুদ্ধে লিখাৰ বাবেই ৰজাঘৰ আৰু বিদ্ৰোহী সংগঠন এটাৰ পৰা মৃত্যুৰ ভাবুকি পৰ্যন্ত পোৱা গৈছিল৷কিন্ত তেনে ভাবুকিটো নতশীৰ নহৈ দৃঢ়তাৰে সংবাদ পৰিবেশন কৰি অহা হৈছে।সভাখনত বিশিষ্ট অতিথি ৰূপে ভাগ লৈ ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় সভাপতি গীতাৰ্থ পাঠকে দেশত শেহতীয়াকৈ সংবাদ মাধ্যমৰ কন্ঠ ৰোধ কৰিবলৈ চৰকাৰে বিভিন্ন পন্থা গ্ৰহণ কৰা কাৰ্য চতুৰ্থ স্তম্ভ প্ৰতি ভাবুকি বুলি অভিহিত কৰে ৷এনে প্ৰেক্ষাপটত সাংবাদিক সকলে যিকোনো চাপকো কৰ্ণপাত নকৰি সততা আৰু সাহসেৰে সংবাদ পৰিবেশন কৰি যাব লাগে ৷সভাত সন্মানীয় অতিথি ৰূপে অংশ লোৱা দৈনিক অগ্ৰদূত’ৰ সম্পাদক প্ৰাঞ্জলসেন ডেকা,জ্যেষ্ঠ সাংবাদিকদ্বয় ড° পৰাঞ্জয় বৰদলৈ আৰু নয়নজ্যোতি ভূঞাই সংবাদ পৰিবেশনত নতুন প্ৰজন্মৰ সাংবাদিকসকলে বিশেষ গুৰুত্ব দিয়াতো প্ৰয়োজন৷ ব্যতিক্ৰমী আৰু অনুসন্ধানমূলক বাতৰিৰ ক্ষেত্ৰত কিছু সাৱধানতাৰে খোজ দিয়াৰ কথা উল্লেখ কৰে ৷জুৱাৰ কাৰ্যকৰী সভানেত্ৰী চেমিম চুলতানা আহমেদে আঁত ধৰা সভাখনত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধি হেমন্ত কুমাৰ নাথ, ডুৰিণা বৰবৰুৱা, কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ মুখ্য উপদেষ্টা প্ৰদীপ কলিতা, জ্যেষ্ঠ সাংবাদিক কেশৱ বৰুৱা, দিগন্ত গোস্বামী,পল্লৱী শইকীয়া,সংগীতা শইকীয়া সহ কেইবাগৰাকীও সাংবাদিক উপস্থিত থাকে ৷ সভাখনৰ অন্তত শলাগৰ শৰাই আগবঢ়াই জুৱাৰ গুৱাহাটী মেট্ট’ কমিটিৰ সভাপতি পলাশ ৰঞ্জন দাসে।
Trending
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ
- কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি
- NSE empanels Augmont as key partner for promotion of Electronic Gold Receipts (EGR)