এনেকৈয়ে জনতা জাগিব নে

কিবা ভাল নলগা হৈছে।চাৰিওফালে অৰাজকতাই বিৰাজ কৰিছে।নিজৰ বুলিবলৈ একো নোহোৱাৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে।যাৰ কিবা এটা কৰাৰ ক্ষমতা আছে সকলো বুজিও যেন নুবুজা হৈ ৰৈছে।যিয়ে যি পাৰে তাকেই মন্তব্য কৰিছে।অসমৰ পৰিস্থিতিৰ সম্পৰ্কে চ’চিয়েল মেডিয়াটো চৰ্চা অব্যাহত আছে ।এনে লাগিছে যেন শৰাইঘাটৰ ৰণৰ পৰিবেশ সূচনা হৈছে ।কোনোও যদি গানেৰে প্ৰতিবাদ কৰিছে, আন কোনোৱে কবিতাৰে।এচামে ৰাজনীতিৰ মোহত বন্দী হৈ অসমখনক বিক্ৰী কৰিবলৈ ওলাইছে।নিজৰ বাই ভনীৰ মাজতে মিল নাই বাহিৰৰ মানুহক ঠাই দিব বিচাৰিছে ।জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে সকলোৱে ওলাই আহিবৰ সময় হ’ল।সময় হ’ল দেশ ৰক্ষা কৰাৰ।নহ’লে আমাক বুৰঞ্জীয়ে কেতিয়াও ক্ষমা নকৰিব ।হে অসমীয়া জাগা, দেশখন ৰক্ষা কৰা।

Comments (0)
Add Comment