জাগতিক পৰিঘটনাৰে…

বতৰ গোমা। কেতিয়া ৰ’দ দিয়ে কেতিয়া বৰষুণ দিয়ে বতৰ চাই আগৰ দৰে কোনেও অনুমান কৰিব নোৱাৰে।আচলতে কিছুদিনৰ পৰা এনেধৰণৰ প্ৰাকৃতিক পৰিঘটনা সংঘটিত হোৱা দেখা গৈছে। যাৰ বাবে নানা অচিন বেমাৰৰ প্ৰাৰ্দুভাৱ বৃদ্ধি হোৱাৰ লগতে ভয়াবহ বেমাৰেও চানি ধৰিছে। এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি জহ জাহৰ এনে পৰিবেশে মানুহক ৰোগী কৰি পেলাইছে। বিশেষকৈ কেঞ্চাৰ ৰোগীৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে।
পৰিবেশ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। মহানগৰীৰ ৰাস্তাত সময়ে সময়ে ধূলিময় এন্ধাৰময় পৰিবেশে বিৰাজ কৰিছে। এই সম্পৰ্কে এজন পৰিবেশবিদে মন্তব্য কৰিছে যে সেউজকৰণৰ অভাৱ আৰু আধুনিক জীৱন যাত্ৰাৰ প্ৰভাৱৰ ফলশ্ৰুতিত এই অৱস্থাই বিৰাজ কৰিছে। সঘনে ভূমিকম্প হোৱা পৰিলক্ষিত হৈছে। ভূমিকম্পৰ ফলত জন ধন হানি নহলেও ভৱিষ্যতে যে ক্ষতি নহ’ব তাক নুই কৰিব নোৱাৰি। বিশেষকৈ পাহাৰীয়া অঞ্চল সমূহত সৰ্তকতা অৱলম্বন কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা নিদেৰ্শনা জাৰি কৰা বাতৰি পোৱা গৈছে।

Comments (0)
Add Comment