প্লাষ্টিকে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াইছে

প্লাষ্টিক আধুনিক জীৱন যাত্ৰাৰ অন্যতম সমল।আমি সকলোৱে বজাৰ কৰোতে প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰো।কিন্তু দুখৰ বিষয় যে প্লাষ্টিকে আমি নজনাকৈয়ে ভয়াবহতা কঢ়িয়াই আনিছে ।যাৰ ফলত স্বাস্থ্য আৰু পৰিবেশ প্ৰদূষণ হৈছে।বতৰৰ সঘনে সলনি হোৱাটোও অন্যতম কাৰক হিচাপে বিবেচিত হৈছে ।প্লাষ্টিক ব্যৱহাৰ কৰি যেতিয়া মাটি পেলায় দিয়া হয়,ই মাটিৰ লগত মিলি নাযায়।বৰঞ্চ ই মাটিৰ উৰ্বৰা শক্তি হ্ৰাস কৰে।আনহাতে পানীত পেলালেও জলজ প্ৰাণীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে।যাৰ ফলত মাছ, কাছ আদিৰ জীৱন বিপন্ন হৈ পৰে।এক সমীক্ষা প্ৰকাশ পোৱা তথ্য অনুসৰি প্লাষ্টিক পৰিবেশ প্ৰদূষণৰ অন্যতম ধাৰক।প্লাষ্টিকৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিভিন্ন দেশত প্লাষ্টিক নিষিদ্ধ কৰিছে।ইয়াৰ বিপৰীতে আমাৰ দেশত আংশিক প্ৰভাৱ পৰাহে পৰিলক্ষিত হৈছে ।অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উলিয়াম নগৰত পলিথিন বেগ নিষিদ্ধ হৈছে।শেহতীয়াকৈ মণিপুৰৰ ইম্ফল চহৰত প্লাষ্টিক নিষিদ্ধকৰণৰ কৰাৰ বাবে তৎপৰ হৈ পৰা বুলি জানিব পৰা গৈছে ।এইক্ষেত্ৰত ৰাজ্যৰ বিভাগীয় কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব সহকাৰে লয় নিশ্চয়কে দেশৰ ভিতৰতে অন্যতম ৰাজ্য হিচাপে পৰিগণিত হ’ব।

Comments (0)
Add Comment