অন্য এক ভাল খবৰ

প্ৰৱল ইচ্ছা শক্তি আৰু একাগ্ৰতাই মানুহক সফলতাৰ বাট মুকলি কৰি দিয়ে। আনহাতে প্ৰতিভাই মানুহৰ ইচ্ছা শক্তি প্ৰৱল কৰি তোলে। তেনে এক প্ৰতিভাৰ চানেকি দাঙি ধৰিছে দেৰগাঁৱৰ আফাজুৰ ৰহমান নামৰ যুৱক জনে। উল্লেখযোগ্য যে সুদীৰ্ঘ প্ৰচেষ্টাৰ অন্তত আফাজুৰ ৰহমানে পেলনীয়া সামগ্ৰীৰ দ্বাৰা ঘৰতে সাজি উলিয়াইছে কথা ক’ব পৰা, গান গাব পৰা আৰু খোজ কাঢ়িব পৰা ৰবৰ্ট।

আনহাতে আফাজুৰে ইয়াৰ উপৰিও সৰু ল’ৰা ছোৱালী বাবে সাজি উলিয়াইছে এখন বিশেষ ধৰণৰ মটৰ চাইকেল। বেটেৰীৰ সহায়ত চলিব পৰা এই মটৰ চাইকেল খন শিশুৰ বাবে বিশেষ সুবিধা জনক বুলি তেওঁ উল্লেখ কৰিছে। ক্ৰমবৰ্ধমান হাৰত বাঢ়িব ধৰা দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিভাৱান যুৱক জনে সাজি উলিয়াইছে অত্যাধুনিক হেলমেট। উল্লেখযোগ্য যে এই হেলমেটোৱে ইণ্ডিকেটৰৰ সমানে সংকেত দিয়ে। সম্প্ৰতি ভাৰতৰ বৈজ্ঞানিক বিপ্লৱৰ অংশ হৈ পৰা দেৰগাঁৱৰ আফাজুৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Comments (0)
Add Comment