অভিনৱ প্ৰতিবাদ

আজিও মাৰ যোৱা নাই ডকমকা কাণ্ডৰ প্ৰতিক্ৰিয়া। সৰ্বত্ৰে ডকমকা কাণ্ডৰ বিষয়ে চৰ্চা চলিছে। কোনোৱে যদি কবিতাৰে শ্ৰদ্ধাঞ্জলি জনাইছে কোনোৱে গানেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আমালৈ অহা খবৰ অনুসৰি নাহৰকটীয়া চাচনীৰ শিলকচুবাম চকৌবিল গাঁৱৰ নামঘৰ সমিতিয়ে শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি অভিজিৎ আৰু নিলোৎপলৰ নামত দুটাকৈ গছ পুলি ৰোপন কৰিছে।

আনহাতে কেইজনমান শিল্পীৰ প্ৰচেষ্টাত “শব্দ বিচাৰি গৈছিলা শব্দ স্তব্ধ হল” শীৰ্ষক এক গীতে প্ৰাণ পাই উঠিছে। উল্লেখযোগ্য যে মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে গীতটোৱে চ’চিয়েল মেডিয়াত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। অৰ্থপূৰ্ণ, বেদনাদায়ক সুন্দৰ উপস্থাপনেৰে শ্রুোতা দৰ্শকৰ অন্তৰ চুই যাব সক্ষম হৈছে। বিষ্ঞু শৰ্মাৰ কথা আৰু সুৰত কুল বৰুৱা, মালবিকা বৰা, ৰাকেশ ৰিয়ান হীৰেন শৰ্মা অসীম জ্যোতি বৰুৱা আৰু আন বহুতোৱে গীতটোত কণ্ঠ নিগৰাইছে। ইয়ে প্ৰমাণ কৰে যে প্ৰতিবাদৰো এক শৈলী আছে।

Comments (0)
Add Comment