ৰাজ্যৰ দুটি ভাল খবৰ

গুৱাহাটীত ফুটবলৰ জ্বৰ। ফ্ৰান্স, জাপানৰ পিছত গুৱাহাটীত উপস্থিত New Caledoniaৰ ফুটবল দলতো। বিমানবন্দৰত দলটোক অসমীয়া গামোচাৰে আদৰণি জনায় অসম চৰকাৰৰ বিষয়াই। অসম আৰক্ষীয়ে আইন শৃংখলা ব্যৱস্থাটো সুন্দৰ ভাৱে নিৰক্ষণ কৰিছে। খেলুৱৈ সকলে যাতে কোনোধৰণৰ অসুবিধা নাপাই তাৰ প্ৰতিও তন্ন তন্নকৈ নিৰক্ষণ কৰিছে মহানগৰ আৰক্ষীয়ে।

উত্তৰ পূৰ্বাঞ্চলৰ বিমান যাত্ৰীসকলৰ বাবে এক সুখবৰ। বুধবাৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা আৰম্ভ হৈছে এক নতুন বিমান সেৱা। বিমান পৰিবহন সংস্থা SPICEJET তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ মাজত বিমান যাতায়ত ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে নতুন বিশেষ বিমান সেৱাৰ কৰিছে। এই বিমানখনৰ বিশেষত্ব এই যে পানী, মাটি উভয়তে উঠা-নমা কৰিব পাৰে। আন বিমানৰ দৰে ই ৰানৱে নহলেও চলাচল কৰিব পাৰে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ বেছি ভাগ অঞ্চল নদী আৰু পাহাৰে আবৰি থকাৰ বাবে SPICEJET তে এই বিমান সেৱা মুকলি কৰে। আৰু আজি বৰঝাৰ আন্ত: ৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণ আৰম্ভ হ’ল। এই বিমানসেৱাক উখল মাখল হৈ পৰে বৰঝাৰ বিমান বন্দৰ চৌহদ। এই বিমানসেৱাই পিছপৰা অঞ্চলত বিমান চলাচল সম্ভৱপৰ কৰি তুলিব।
Comments (0)
Add Comment