উদ্ভাৱনৰ প্ৰতিভাৰে উজলি উঠা পৰিয়ালৰ গাঁথাৰে..

 উদ্ভাৱনৰ প্ৰতিভাৰে উজলি উঠা পৰিয়ালৰ গাঁথাৰে..

WhatsApp Image 2018-02-25 at 5.36.59 PM

কামৰূপৰ দদৰাৰ এটা ৫ জনীয়া পৰিয়াল। পৰিয়ালৰ প্ৰত্যেকজন সদস্যই ন ন সামগ্ৰী উদ্ভাৱন কৰিছে। শিক্ষা দিক্ষাৰে বিশেষভাৱে শিক্ষিত নহ’লেও পৰিয়ালটোৰ সদস্য সকলে বছৰি বিভিন্ন উদ্ভাৱন কৰে। আচলতে এই পৰিয়ালটো চকু পৰিছিলে যেতিয়া আঞ্চলিক বিজ্ঞান কেন্দ্ৰত এজন ৯ বছৰীয়া কিশোৰে উদ্ভাৱনৰ বাবে স্বীকৃতি লাভ কৰিছিলে।

WhatsApp Image 2018-02-25 at 5.40.43 PM

উৎসৰ ভু-লৈ আমি জানিব পাৰিলো যে অকল এই কিশোৰ জনেই নহয়, কিশোৰজনৰ দেউতাক ভৱেশ দাস, মাক ভনিতা দাস, ককায়েক লহৰজ্যোতি দাস, বায়েক কাকলি দাস এই কামৰ লগত জড়িত হৈ আছে। এই কিশোৰজনৰ নাম ৰক্তিম দাস।

WhatsApp Image 2018-02-25 at 5.40.42 PM

সকলো কথা বিতং ভাৱে তথ্য লাভ কৰিবলৈ আমি কথা পাতিছিলো, কিশোৰ জনৰ দেউতাক ভৱেশ দাসৰ লগত তেখেতে আমাক এনেদৰে জনায় — বিজ্ঞানৰ কোনো বস্তু উদ্ভাৱন কৰিবলৈ বিজ্ঞান অধ্যয়ন নকৰিলেও হয়। ইয়াৰ বাবে এটা বিজ্ঞানৰ প্ৰতি ধাউতি থকা মনৰেহে আৱশ্যক। মই উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। কিন্তু সৰুৰে পৰা কেনো যন্ত্ৰ পাতি খুলি খালি পুনৰ নিজৰ মতে সজাই এক আনন্দ লাভ কৰিছিলো। যাৰ ফলশ্ৰুতিত আজিৰ পৰা ১৫ বছৰ আগত এখন ইলেকট্ৰনিক ট্ৰেইন উদ্ভাৱন কৰো। প্লাই বোৰ্ড আৰু মিঠাতেল টিঙৰ সহায়ত প্ৰস্তুত কৰা ট্ৰেইন খনৰ দৈৰ্ঘ্য আছিল ৭০ ফুট।

ইতিমধ্যে শংকৰ সংঘ অধিৱেশনত প্ৰদৰ্শন কৰিছো। ইয়াৰ পিছৰ পৰা কৃষিৰ লগত জৰিত সামগ্ৰী, স্বচ্ছতাৰ লগত জৰিত সামগ্ৰী আদি সামগ্ৰী উদ্ভাৱন কৰো। উল্লেখযোগ্য যে পৰিয়ালটোৰ প্ৰতিজন সদস্যই বিভিন্ন সামগ্ৰী উদ্ভাৱন কৰিছে। যিবোৰ সামগ্ৰীৰ নাম সম্পূৰ্ণভাবে লেখাটোত অৰ্ন্তভূক্ত কৰাটো সম্ভব নহয়। শেহতীয়াকৈ লহৰজ্যোতি দাসে পাণ প্ৰস্তুত কৰিব পৰা যন্ত্ৰ আৱিস্কাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃতি লাভ কৰিছিল। আচলতে ক’বলৈ গ’লে সমূহ পৰিয়ালৰ সদস্য ভৱেশ দাসৰ আদৰ্শ, চিন্তা ধাৰাৰে অনুপ্ৰাণিত। জানিব পৰা মতে এই ক্ষেত্ৰত national innovation foundation য়ে আৰ্থিকভাৱে সকাহ যোগাই আহিছে। উদ্ভাৱনৰ ন ন সামগ্ৰীয়ে সমাজলৈ বৰঙণি আগবঢ়োৱাৰ বাবে পৰিয়ালটোৰ সমূহ সদস্যক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

Comments (0)
Add Comment