উদ্যমৰ অন্য নাম অৰুনা মুখাৰ্জী

আপোনাৰ মাজত কিমান উদ্যম আছে? প্ৰশ্নটোৰ সঠিক উত্তৰ বোধহয় কাৰো হাততে নাথাকে! কিন্তু এটা কথা সদায়েই আপোনাৰ বা আমাৰ দৃষ্টিগোচৰ হয় যে অতি সোনকালে আমি হাৰি যাও,ভাগৰি পৰো অথবা কৰ্মৰ প্ৰতি উদাসীনতা প্ৰদৰ্শন কৰো। আচলতে প্ৰত্যেক কামৰ বাবে মানসিক ইচ্ছাশক্তি, একাগ্ৰতা, অধ্যৱসায় অতি প্ৰয়োজন। এই গুণ সমুহৰ সমাহাৰৰ আজিৰ তাৰিখত যদি এজন ব্যক্তিবিশেষৰ উদাহৰণ দিব যাও, নিসন্দেহে ১০০ বছৰীয়া আইতা অৰুণা মুখাৰ্জী প্ৰসংগ পোনচাতেই আহিব। আইতা গৰাকীৰ কৰ্মস্পৃহা, উদ্যম দেখিলে এবাৰ হলেও আপোনাৰো ক’ব মন যাব..বাহ ! আইতা আপোনাক জনাও প্ৰণাম। সেয়েহে আজি ভাল খবৰ অংশবিশেষ বুলি বিবেচিত কৰি কাহিনীভাগ আগবঢ়ালো।
 
 

আহক তেন্তে, পলম নকৰি পৰিচয় হৈ লও.. তেখেত অৰুণা মুখাৰ্জী। মহানগৰীৰ পল্টন বজাৰৰ প্ৰফেচাৰপাৰাৰ নিবাসী। ৩১আগষ্টত তেখেতে ১০০ বছৰ সম্পুৰ্ণ কৰিছে। কিন্তু এই বয়সতো তেখেতে ভাগৰি পৰা নাই। বৰ্ত্তমানেও চলাই আছে ৪খন কে স্কুল। উল্লেখযোগ্য যে তেখেতে গান, নাচ, তবলা,গীটাৰ, চেতাৰ, কুকিং, পেইণ্টিংৰ লগতে চিলাই প্ৰশিক্ষণ ঘৰতে দিয়ে। ইতিমধ্যে তেখেতে প্ৰশিক্ষণ দিয়া ৪০,০০০হাজাৰো অধিক প্ৰশিক্ষাথীয়ে বিভিন্ন ঠাইত কৰ্মৰত হৈ আছে। Ne Focus ৰ ফালৰ পৰা হোৱা এক কথোপকথনত অৰুণা মুখাৰ্জীয়ে এনেদৰে কয়, কৰ্মই ধৰ্ম। কৰ্ম কৰি যাব লাগে। ফলাফল ভগৱানে দিবই। ভাল কামৰ ফল সদায় ভাল হয়। মোৰ যে এই কৰ্মস্পৃহা দেখিছা, মানুহে মোৰ শক্তি। মোৰ দেশপ্ৰেমিক দেউতা ৰাধিকালাল বেনাৰ্জী আৰু আৰক্ষী বিভাগত কৰ্মৰত দাদাৰ জীৱনাদৰ্শই এনে চালিকা শক্তিৰ মুল হোতা।
 
 

সাংসাৰিক সমস্যাৰ বাবে সঠিক সময়ত আনুষ্ঠানিক শিক্ষাৰ পৰা যদিও আইতাগৰাকী বঞ্চিত হৈছিল, ৬০বছৰ বয়সত গান শিক্ষা লৈছিল। আৰু পৰবৰ্ত্তী সময়ত হাজাৰজনক সেই শিক্ষাৰ পোহৰ বিলাই দিবলৈ সক্ষম হৈছিল। স্মৰ্তব্য যে বৰ্ত্তমানেও আইতাগৰাকীয়ে তজবজীয়া গাভৰুৰ দৰে শাক পাচলিৰ খেতি কৰে, ৰন্ধা-বঢ়া কৰে। আজি প্ৰায় ৪০ বছৰে নিজে খোৱা ভাত সাজ ও সমাজৰ বাবে উৎসৰ্গা কৰিছে। ইয়াৰ উপৰিও সমাজসেৱী আইতা গৰাকী্য়ে ঘৰৰ কাষৰে মাটি বৃদ্ধাশ্ৰমৰ বাবে দান কৰিছে। দৰিদ্ৰশ্ৰেণী লোকসকলক অতি কম খৰচত দিয়া শিক্ষাই বহু পৰিয়ালৰ জীৱন আৰু জীৱিকাৰ পথ মুকলি হৈছে। তেখেতৰ কৰ্মস্পৃহা দেখি ইতিমধ্যে এখন তথ্যচিত্ৰ নিৰ্মাণৰ কাম কাজ চলিছে। সামাজিক ক্ষেত্ৰৰ থকা বৰঙণি বাবে বিভিন্ন দল সংগঠনে সন্মান প্ৰদৰ্শন কৰিছে। এই গৰাকী আইতাক Ne Focus ৰ ফালৰ পৰা শেহতীয়াকৈ ১০০ বছৰীয়া জন্মদিনৰ শুভেচ্ছা জনাইছো। লগতে অৰুণা মুখাৰ্জীৰ নিচিনা উদ্যম সকলোৰে হয় তাকে কামনা কৰিছো। এনে হ’লেহে সমাজ প্ৰগতিৰ দিশত গতি কৰিব বুলি আশা কৰিব পাৰি।

 
প্ৰিয় পাঠক, আজিৰ কাহিনী ভাগ বাৰু কেনে পালে? আমালৈ লিখিব চোন! আমাৰ ই-মেইল-nefocus5@gmail.com.আপোনালোকৰ মতামতৰ বাবে আমি অপেক্ষাৰত।

Comments (0)
Add Comment