স্বচ্ছতা পোখৰাত অংশগ্ৰহণ কৰি দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিলে নামৰূপ সাৰ কাৰখানাই। প্ৰতিবছৰৰ দৰে এইবাৰো ভাৰত চৰকাৰৰ সাৰ মন্ত্ৰালয়ৰ অধীনত ১ ছেপ্টেম্বৰ পৰা ১৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হয় স্বচ্ছতা পষেক।
উদ্যোগটোৰ মুখ্য প্ৰশাসনিক বিষয়া প্ৰণৱ কুমাৰ ভট্টাচাৰ্যই জনোৱা মতে নামৰূপ সাৰ কাৰখানা অধ্যক্ষ তথা পৰিচালক অসীম কুমাৰ ঘোষে ২৭ অক্টোবৰত নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত সাৰ সচিবৰ পৰা এই বঁটা গ্ৰহণ কৰিব।এই প্ৰতিযোগিতাত নামৰূপস্থিত বি ভি এফ চি এলে প্ৰথম স্থান,নেচনেল ফাৰ্টিলাইজাৰ লিমিটেডে দ্বিতীয় স্থান আৰু FCI Aravail Gypsum ands minerals India LTD য়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে নামৰূপ সাৰ কাৰখানাই লাভ কৰিলে দেশৰ ভিতৰতে প্ৰথম স্থান
