এটি কৰ্মই যি জীয়াই ৰাখিছে জাতিৰ নাম

ধৰি লওক, আপোনাৰ এজন অতি মৰমৰ এজন বন্ধু (বৰ্হি-ৰাজ্যৰ)কিছু বছৰ অসমত কটোৱাৰ পিছত স্বদেশলৈ চিৰদিনৰ বাবে ওলাইছে। সেই মূৰ্হুত্বত আপুনি উপহাৰৰ চিন স্বৰূপে কি আগবঢ়াব বাৰু! নিশ্চকে আপোনাৰ উপহাৰৰ তালিকাখনত গামোচা, জাঁপি , এশিঙীয়া গড় অথবা কামাখ্য মন্দিৰৰ আৰ্হিত প্ৰস্তুত হোৱা সামগ্ৰীয়ে স্থান পাব। আচলতে আমাৰ অসম বুলিলে এই বিশেষ সম্পদ সমূহৰ কথাই আহে পোনপ্ৰথমে। অসমীয়া সংস্কৃতিৰ পৰিচায়ক গামোচা আৰু জাঁপিৰ আছে অন্য এক ইতিহাস। বৰ্ত্তমান সময় পৰম্পৰাগতভাবে জাঁপি বনোৱা কাৰ্য্য জড়িত হৈ আছে নলবাৰীৰ বালামুগকুচি দীপক কুমাৰ বৈশ্য নামৰ এজন ব্যক্তি। উল্লেখযোগ্য যে তেখেতৰ প্ৰচেষ্টা গঢ়লৈ উঠিছে, জে. বি উদ্যোগ নামৰ এটা জাঁপিৰ উদ্যোগ । যাৰ জৰিয়তে প্ৰায় বহু কেইজন ব্যক্তিয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে।

জাঁপিৰ উদ্যোগৰ বিষয়ে জনোৱাৰ  আগতে পৰিচয় হৈ লও আহকচোন উদ্যোগটোৰ স্বতাধিকাৰীৰ সৈতে। তেখেত দীপক কুমাৰ বৈশ্য। এজন সমাজ সেৱী। তেখেত বিভিন্ন সামাজিক সংগঠনৰ লগতে কেন্দ্ৰীয় সেৱা বাহিনীৰ লগত জড়িত আছে। জাঁপি উদ্যোগৰ ধাৰণা কি দৰে মনলৈ আহিল জানিব বিচৰাত বৈশ্যই এনেদৰে কয়- প্ৰকৃততে ক’বলৈ গ’লে আমাৰ গাওঁখনত এই জাঁপি বোনোৱা কাৰ্য্যটো অতীতৰ পৰা পৰম্পৰাগত ভাবে চলি আহিছে । পোনপ্ৰথমে বহুতে (চিনাকীৰ) মোক জাঁপি বনাব অৰ্ডাৰ দিছিল। সেই অৰ্ডাৰটো মই যেতিয়া বিভিন্নজনক দিছিলো বহু সময়ত গ্ৰাহকক সঠিক সময়ত দিব নোৱাৰিছিলো। অৱশেষত এদিন সিদ্ধান্ত ল’লে যে এটা জাঁপিৰ উদ্যোগ স্থাপন কৰো । সেই মতে জে বি জাঁপি উদ্যোগ স্থাপন কৰিলো। ৩০০ টকা মূলধন লৈ আৰম্ভ কৰা উদ্যোগটো বৰ্ত্তমান ভালধৰণে চলি আছে । বাঁহ আৰু টকৌপাত সাধাৰণতে সহজলভ্য, সেয়ে এনে কামত আগবাঢ়ি যাবলৈ সুবিধা হয়।

উল্লেখযোগ্য যে এই উদ্যোগটোৰ জৰিয়তে ফুলাম জাঁপি আৰু হালোৱা জাঁপি দুয়োবিধেই প্ৰস্তুত হয়। ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ লগতে মুম্বাই, আহমেদাবাদ আদিৰ গ্ৰাহকে তেওঁৰ পৰা জাঁপি ক্ৰয় কৰিছে। বিভিন্ন সভা সমিতি বিহু, বিয়াত বিভিন্ন ঠাইৰ গ্ৰাহকে ক্ৰয় কৰা কথা তেখেতে জানিবলৈ দিয়ে।

ভবিষ্যতে Online যোগে উদ্যোগৰ জাঁপি সমূহ উপলব্ধ কৰাৰ পৰিকল্পনা আছে। অতীতৰ পৰম্পৰাক ধৰি ৰখা দীপক কুমাৰ বৈশ্য সকলোৰে আৰ্দশ হৈ পৰক।

 

Comments (0)
Add Comment