কন্যকা বহুমুখী পামে জাগৰণ আনিছে বহুজনলৈ

কন্যকা বহুমুখী পামে জাগৰণ আনিছে বহুজনলৈ

IMG-20170114-WA0055

বিভিন্ন সময়ত  শুনা যায় অসমীয়া মানুহ এলেহুৱা, কাম বনৰ প্ৰতি উদাসীন অথবা কৰ্মসংস্কৃতি নাই। কোনোৱে কাৰো কথা নাভাবে, কেঁকোৰা চেপা দিয়ে। এই সকলোবোৰ কথাৰ সোঁতৰ বিপৰীতত খোজ দিছে এজন ব্যক্তি তথা এদল মানুহে। হয়, মই আজি জনাব বিচাৰিছো, কৃষি বিপ্লৱ সুচনা এখন পাম, এদল কৰ্ম সংস্কৃতিৱান ব্যক্তিৰ বিষয়ে। উল্লেখযোগ্য যে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ চিন্তা আৰু প্ৰয়াসত প্ৰাণ পাই উঠিছে, ভৰলীপৰীয়া কন্যকা বহুমুখী পামে। যাৰ সুবাদতে ৫ খন পঞ্চায়তৰ প্ৰায় ৩০০ ৰো অধিক যুবক- যুৱতীয়ে লাভ কৰিছে কৰ্মসংস্থাপন লগতে সৃষ্টি হৈছে এক কৃষি বিপ্লৱৰ।

IMG-20170115-WA0009

এই সম্পৰ্কে NE FOCUS.COM ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পাম চোৱাচিতাৰ দায়িত্ব থকা পদুম নাথে এনেদৰে কয়- জৈৱিক কৃষি দ্বাৰা কৃষি উৎপাদন কৰা কৃষিভূমি বেদখল মুক্ত কৰা তথা নিবনুৱা সকলৰ কৰ্মসংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখিয়েই মাননীয় বিধায়ক পদ্ম হাজৰিকা ছাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।  আমাৰ কন্যকা বহুমুখী পামে সকলো ধৰণৰ শাক পাচলিৰ লগতে সকলো ধৰণৰ মাহ জাতীয় শস্য খেতি কৰো। ইতিমধ্যে ৩০০ ৰো অধিক যুৱকে আৰ্থিক স্বচ্চলতাৰ মুখ দেখিছে।

IMG-20170115-WA0007

স্মতৰ্ব্য যে এই কন্যকা বহুমুখী পামখন তেজপুৰ চহৰৰ পৰা ৪৫ কিলোমিটাৰ দুৰত অৱস্থিত। সম্পূৰ্ণ জৈৱিক পদ্ধতিয়ে উৎপাদন কৰা ফচল সমূহে গ্ৰাহকৰ পৰা ভাল ধৰণৰ সহাঁৰি পাবলৈ সক্ষম হৈছে।

IMG-20170115-WA0008

উল্লেখযোগ্য যে ইয়াৰ সমান্তৰালভাৱে কন্যকা গো ফাৰ্মে আৰু কন্যকাৰ অন্তৰ্গত মীনপালন কেন্দ্ৰই নিকৰ্তৱত্তী অঞ্চলৰ ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। প্ৰিয় পাঠক, আপুনি যদি এনে কোনো কাহিনী জ্ঞাত আমালৈ লিখিব পাৰে। আমাৰ ই-মেইল nefocus5@gmail.com

Comments (2)
Add Comment
  • বেনজিন বড়ো

    ভাল হৈছে…

  • Ratul Bora

    কন্যকা বহুমুখী পামে উৎপাদন মুখী কাৰ্যৰে যুৱক সকলক সফলতা দিয়া বুলি জানিব পাৰি সুখৰ আৱেশে অন্তৰ ভৰি পৰিল । তেওঁলোকৰ ভবিষ্যত সুখৰ হোৱাৰ কামনা কৰিলোঁ
    ৰাতুল বৰা
    দেৰগাঁও।