কামেৰে পৰিচয় দিব খোজা ব্যক্তিজন

সততে মানুহে কোনো কাম নাপায়হে উদ্যমী হ’বলৈ মন মেলে আৰু বহুতৰ ধাৰণা এইটোও যে উদ্যমী হ’লে আৰ্থিক দিশত স্বচ্চল হ’ব নোৱাৰে। চাকৰিৰ বিকল্পহে উদ্যমী। সেয়েহে আজিৰ তাৰিখটোও আমাৰ মাজত উদ্যমিয়তা মনোভাৱ থকা বহুতৰ ক্ষেত্ৰত অভাৱ দেখা যায়। এই মন্তব্য এগৰাকী সফল উদ্যমী অচিন্ত কুমাৰ শৰ্মাৰ।

নগাঁও মিলনপুৰৰ অচিন্ত কুমাৰ শৰ্মাই গাখীৰৰ ব্যৱসায়ৰে জীৱিকাৰ পথত আগবাঢ়িছিল। আজিৰ তাৰিখত তেখেত নিজেই সুন্দৰ ভাৱে চলাৰ উপৰিও ২০০ পৰিয়ালক জীৱিকাৰ সন্ধান দিবলৈ সক্ষম হৈছে।

কিন্তু অচিন্ত কুমাৰ শৰ্মাই বৰ্ত্তমানে গাখীৰৰ নহয়, হেণ্ডিক্ৰাফ, মৰাপাট পানীমেটেকা আদিৰ পৰা সামগ্ৰী উৎপাদনৰ ব্যৱসায়ৰ লগতেহে জড়িত। তেখেতৰ সৃষ্টি জুথ প্ৰডাক্ট নামৰ উদ্যোগটোৰ জৰিয়তে বিভিন্ন ডিজাইনৰ বেগ, পাটি, ঘৰ সজোৱা সা সামগ্ৰী উৎপাদন হয়। যাৰ জৰিয়তে প্ৰায় ২০০ পৰিয়ালে আত্মসংস্থাপনৰ বাট বিচাৰি পোৱাৰ লগতে বজাৰো দখল কৰিবলৈ সক্ষম হৈছে। 

এই সম্পৰ্কে অচিন্ত কুমাৰ শৰ্মাই কয়- কামৰ কোনো সৰু ডাঙৰ নাই। সৰু কাম যেন লাগিলেও লাজ কৰিব নালাগে। প্ৰথম অৱস্থাত আমাৰ উৎপাদিত সামগ্ৰী সমূহক বজাৰমুখী কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হৈছিলো যদিও হতাশাত ভোগা নাছিলো। বৰ্ত্তমানে সৃষ্টি জুথ প্ৰডাক্টৰ সামগ্ৰী সমূহ আগশাৰীৰ বিপনীত পোৱা যায়।  সেয়েহে মই আনন্দিত।

উল্লেখযোগ্য যে তেখেতে মাৰ্গ নামৰ এটা বেচৰকাৰী সংস্থাৰ লগত জৰিত হৈ আছে। যাৰ জৰিয়তে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ উদ্যমী সকলক প্ৰদান কৰে।

Comments (0)
Add Comment