কেনেকৈ স্বীকৃতি পালে উপেন্দ্ৰ ৰাইচে

কেনেকৈ স্বীকৃতি পালে উপেন্দ্ৰ ৰাইচে

আমাৰ দেশ কৃষিপ্ৰধান দেশ। এই কথা সকলোৱে জ্ঞাত । কিন্তু কৃষি প্ৰধান দেশ যদিও কিমানজন মানুহ কৃষিৰ লগত জড়িত হৈ স্বাৱলম্বী তথা আত্মসন্তোষ্টি লাভ কৰে,  সেয়া নিচেই আঙুলিৰ মুৰত গণিব পৰা নহয়নে ?  কিন্তু এনে সময়তে গোৱালপাৰা জিলাৰ কৃষ্ঞাই আমগুৰিপাৰাৰ উপেন্দ্ৰ ৰাভা নাম ব্যক্তিজনে কৃষিৰ জৰিয়তে নিদৰ্শন দাঙি ধৰি সমাজত চৰ্চিত হৈ উঠিছে।

IMG-20161128-WA0022
উপেন্দ্ৰ ৰাভা

অসমীয়াত এষাৰ কথা আছে মন কৰিলে চন হয়। মনৰ ইচ্ছা যেতিয়া প্ৰৱল হয় তেতিয়া একো বাধাৰে ৰোধিব পৰা নাযায়। উপেন্দ্ৰ ৰাভাৰ ক্ষেত্ৰটো এই কথায়ে প্ৰযোজ্য। কৃষিৰ প্ৰতি থকা আগ্ৰহৰ তাগিদাতে ৰেডিঅ’ কৃষি বিষয়ৰ অনুষ্ঠান শুনিছিলো আৰ পৰবৰ্ত্তী পৰ্য্যায়ত সকলোৰে মুখে মুখে চৰ্চা হোৱাত ৰাজ্যিক কৃষি বিভাগৰ ফালৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’লো। এই মন্তব্য উপেন্দ্ৰ ৰাভাৰ।
 

IMG-20161206-WA0016

শেহতীয়াকৈ উপেন্দ্ৰ ৰাভাৰ ক’লা ধান (উপেন্দ্ৰ ৰাইচে) বিদেশটো সমাদৰ লাভ কৰিছে। এই সম্পৰ্কে উপেন্দ্ৰ ৰাভাৰ পৰা জানিব বিচাৰাত এনেদৰে কয়- ২০১১ চনৰ কথা  । এবাৰ এখন ৰাজস্থানত অনুষ্ঠিত হোৱা কৃষিমেলাৰ পৰা এজন কৃষি বিষয়াই ক’লা ধানৰ চাউল খেতিৰ বাবে আনি দিয়ে। কিন্তু দুৰ্ভাগ্যক্ৰমে মাত্ৰ এটা ধানৰহে গজালি মেলিল । সেই এটা ধানৰ বীজৰ পৰা অশেষ কষ্টৰে ১৫০ গ্ৰাম ধান উৎপাদন কৰিবলৈ সক্ষম হও। এনে দৰে বছৰি অধিক হাৰ ক’লা ধান টো উৎপাদন বৃদ্ধি পায়। অসমত পোন প্ৰথমবাৰৰ বাবে  ক’লা ধান খেতি কৰাৰ বাবে (মোৰ নামেৰে) “উপেন্দ্ৰ ৰাইচ” হিচাপে ৰাজ্যিক কৃষি বিভাগে স্বীকৃতি দিয়ে।

IMG-20161206-WA0014

উল্লেখযোগ্য যে এই ক’লা ধান, পায়স, পিঠা অথবা কেক প্ৰস্তুত কৰি খাবলৈও সুস্বাদু। স্মতৰ্ব্য যে উপেন্দ্ৰ ৰাভাৰ এই কৃষি কৰ্মই ৫০০ পৰিয়ালৰ স্বাৱলম্বী কৰি তুলিছে। দেশৰ লগতে বিদেশটো উপেন্দ্ৰ ৰাইচেৰ জনপ্ৰিয়তা সৰ্বাধিক আছে।

উপেন্দ্ৰ ৰাভাৰ এই আদৰ্শই হাজাৰ জনক অনুপ্ৰেৰণাৰ উৎস হৈ ৰওক। আমাৰ ফালৰ পৰা থাকিল বহু শুভকামনা।

Comments (0)
Add Comment