গ্ৰাম্য অৰ্থনীতিক টনকিয়াল কৰাৰ প্ৰচেষ্টা “মাতৃৰ”

গ্ৰাম্য অৰ্থনীতিৰ ভেটি সৱল হ’লেহে জাতীয় অৰ্থনীতিৰ উন্নতি হয়। এই মূলমন্ত্ৰেৰে উজ্জীৱিতহৈ কেইজনমান যুৱকে ডিব্ৰুগড়ৰ মৰানত  সৃষ্টি কৰিছে “মাতৃ” নামৰ এক অনুষ্ঠান। গাঁও সমূহত উৎপাদিত সামগ্ৰী সমূহৰ বাবে এখন বজাৰ সৃষ্টিয়েই মাতৃৰ মূল উদ্দেশ্য। সুৱল সোণোৱাল, ধ্ৰুৱজ্যোতি চুতীয়া, কুলদীপ শইকীয়া অাৰু বিতুল চেলেঙৰ নেতৃত্বত এদল কৰ্মঠ যুৱক-যুৱতী অাগবাঢ়ি অাহিছে। জৈৱিক কৃষি, মৎস্য পালন, দুগ্ধ উৎপাদন তথা গাহৰি পালন, হস্ততাঁত অাদিয়ে গ্ৰাম্য অৰ্থনীতিক টনকিয়াল কৰিব পৰা সকলো ক্ষেত্ৰতে  মাতৃয়ে উদ্যোগ গ্ৰহণ কৰিছে।
মাতৃয়ে সংযোগ স্থাপন কৰিছে কেইবাশতাধিক কৃষক, ক্ষুদ্ৰ উদ্যমী অাৰু শিপিনীক। মাতৃয়ে নিজাববীয়াকৈ স্থাপন কৰিছে এক বৃহৎ কৃষিপাম অাৰু প্ৰশিক্ষণ কেন্দ্ৰ। অসমৰ সাৰুৱা মাটিত সোনগুটি গজে। প্ৰতিগৰাকী শিপিনীয়ে তাঁতত ৰচিব পাৰে সপোন। প্ৰতিগৰাকী যুৱকৰ দুবাহুত লুকাই অাছে অমৃত শক্তি।
অামি মাথো অাজিলৈকে অব্যৱহৃত হৈ থকা এই শক্তিক ব্যৱহাৰ কৰি অৰ্থনৈতিক পৰিবৰ্তন সাধন কৰিবলৈ যত্ন কৰিছো। এই ভাষ্য মাতৃৰ প্ৰধান উদ্যোক্তা সুৱল সোণোৱালৰ। মাতৃ পৰিচালিত হয় দুটা ৰূপত। মাতৃ এন জি অ’ অাৰু মাতৃ এন্টাৰপ্ৰাইজ হিচাপে। গঠনমূলক অাৰু উৎপাদন মুখী কাম সমূহ মাতৃ এনজিঅ’ই সামধা কৰে। অন্যহাতে এই উৎপাদিত সামগ্ৰী সমূহৰ পৰিবৰ্ধন তথা বজাৰ দখলৰ কাম সমূহ নিয়ন্ত্ৰিত হয় ধ্ৰুৱজ্যোতি চুতীয়াৰ নেতৃত্বত মাতৃ এণ্টাৰ প্ৰাইজৰ দ্বাৰা।
 
বৰ্তমান প্ৰতিযোগিতামূলক বজাৰত অন্য যিকোনো ব্যৱসায়িক অনুষ্ঠানৰ দৰে সকলো দিশতে ফেৰ মাৰিবলৈ সক্ষম মাতৃ এণ্টাৰপ্ৰাইজ। মাতৃ এণ্টাৰপ্ৰাইজে খুব সোনকালে প্ৰবেশ কৰিব খুচুৰা বিপণনৰ ক্ষেত্ৰখনত।
অামাৰ মূল চালিকা শক্তি হ’ল অামাৰ স’তে থকা জনসাধাৰণ। তেওঁলোকৰ সপোন সমূহ সাৰ্থক ৰূপত বাস্তৱায়িত কৰিব পাৰিলেই অামাৰ সাৰ্থকতা অনুভৱ কৰিম। সাধৰণতে জনসাধাৰণে ক্ষুদ্ৰ পৰিসৰত কৰা উৎপাদন সমূহে অকলে বজাৰ দখল কৰিব নোৱাৰে। বহু সময়ত নাম মাত্ৰ মূল্যৰ বিনিময়ত তেওঁলোকে তেওঁলোকৰ উৎপাদিত সামগ্ৰী সমূহক মধ্যভোগীৰ হাতত তুলি দিব লগা হয়। অামি এই ব্যৱস্থাৰ পৰিবৰ্তন অানিব বিচাৰো। অামি বিচাৰো তেওঁলোকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পাওক। তাৰ বাবেই অামাৰ এই পদক্ষেপ। এই ভাষ্য মাতৃ এণ্টাৰপ্ৰাইজৰ নেতৃত্বত থকা ধ্ৰৱজ্যোতি চুতীয়াৰ।
মাতৃয়ে অহা কেইবছৰৰ ভিতৰত “গ্ৰাম্য পৰ্যটন”ৰ দিশতো পদক্ষেপ গ্ৰহণ কৰিব। সুৱল সোণোৱালে জনাই যে প্ৰতিজন যুৱকে যাতে স্বনিয়োজনৰ বাবে গাঁৱতে এক সুচল পৰিবেশ পাই তাৰ বাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। উপাৰ্জনৰ বাবে মানুহ চহৰমুখী হোৱাৰ সলনি উপাৰ্জনৰ পথটোকে গাঁৱলৈ অানিবলৈ মাতৃ বদ্ধপৰিকৰ। অামি বিচাৰো যাতে অামাৰ  ল’ৰাই ৬০০০ টকাৰ বাবে বাংগালোৰ যোৱাতকৈ ঘৰত থাকিয়েই যাতে ১২,০০০ টকা ঘটিব পাৰে। অসমৰ প্ৰতিখন গাঁও অৰ্থনৈতিক ভাৱে সৱল নোহোৱালৈকে অসমৰ অৰ্থনৈতিক উন্নতি কেতিয়াও সম্ভৱপৰ নহয়। তাৰবাবে লাগিব অামাৰ সম্পদ সমূহৰ এক সুসংহত অাৰু সুচিন্তিত ব্যৱহাৰ। তাকে ৰূপায়ন কৰাৰ এক বিনম্ৰ প্ৰয়াস “মাতৃ” ৰ।
Comments (7)
Add Comment
  • Rupam Ridip

    My best wishes are always with you all “Axomiya dada xokol”.

  • ৰূপাঞ্জলী হাজং

    সফলতাৰ শিখৰত আৰোহণ কৰক মাতৃ এ। তাৰেই কামনাৰে।

  • Asomi Gogoi

    আণ্তৰিক শলাগ লৈছো। সফলতাৰ শীৰ্ষলৈ গৈ মাতৃয়ে বিশ্বত অসম মাতৃৰ নাম উজ্বলাওঁক। অফুৰন্ত শুভকামনা জনালো।

  • ভণীতা ডেকা

    মাতৃ এন জি অ অাৰু মাতৃ এণ্টাৰপ্ৰাইজ অসমৰ প্ৰতিজন ডেকাৰ সপোন হওঁক।অসমীয়া ডেকাশক্তি কোনো গুণে যে কম নহয় সেয়া এইকেইজন উদ্যমী ডেকাই প্ৰমাণ কৰি দেখুৱাইছে।

  • শিৱ ড

    নতুন আশা , নতুন প্ৰেৰণাৰ উৎস হওক “মাতৃ”

  • Bhupen Ranjan Hazarika

    মনটো বহুত ভাল লাগি গল ৷ অন্তৰত এক সুখ অনূভৱ কৰিছো ৷ আই অসমীৰ বাবে অৰ্থনৈতক বিপ্লৱৰ জড়িয়তে অৰ্থনৈতক স্বাধীনতাৰ যি সপোন দেখি থাকো সইয়া আপোনালোকৰ পৰায়ে আৰম্ভণি হোৱাত আনন্দিত হৈছো তথা অশেষ ধন্যবাদ জনাইছো

  • Prodip Sarmah

    উটসাহজনক খবৰ।