চাহ উদ্যোগলৈ সম্ভাৱনা কঢ়িয়াইছে হালধীয়া চাহে

চাহ উদ্যোগলৈ সম্ভাৱনা কঢ়িয়াইছে হালধীয়া চাহে
IMG-20171128-WA0038
ন ন চাহৰ জুতি লৈ ভালপোৱা সকললৈ সুখবৰ। প্ৰথমবাৰৰ বাবে গোলাঘাটত উৎপাদিত হৈছে হালধীয়া চাহ। চাহ কলিৰ পৰা প্ৰস্তুত  কৰা চাহ বিধ চীনদেশত খুবেই  জনপ্ৰিয়। 
IMG-20171128-WA0037
গোলাঘাট এৰেঙাপাৰাৰ ৰাখী শইকীয়াই উৎপাদন কৰি উলিওৱা চাহ বিধ ভাৰততেই বিৰল। এই সৰ্ম্পকে ৰাখী শইকীয়াই এনেদৰে কয় – হালধীয়া চাহক ১৭ শতিকাত চীন দেশৰ ৰজা -মহাৰজা সকলে ব্যৱহাৰ কৰিছিল। যোৰহাট টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ বৈজ্ঞানিক প্ৰদীপ বৰুৱাৰ সহযোগত হালধীয়া চাহ বিধ প্ৰস্তুত কৰিবলৈ সক্ষম হ’লো। এই চাহ বিধ চাহ গছৰ কলিৰ পৰা উৎপাদন হোৱা হেতুকে যথেষ্ট ব্যয়বহুল, আৰু উৎপাদন কমকে হয়। 
IMG-20171128-WA0036
উল্লেখযোগ্য যে ইতিমধ্যে ৰাখী শইকীয়াই হালধীয়া চাহ ৩ কেজি বিক্ৰী কৰিছে। এই চাহ বিধত কেফে’ইন কম থাকে বাবে সাধাৰণ চাহ বুলি ধৰা হয়। উদ্যমী মহিলা ৰাখী শইকীয়াৰ এই উদ্ভাৱনে চাহ উদ্যোগক নতুন মাত্ৰা প্ৰদান কৰিছে।
সহযোগ কৰিলে গোলাঘাটৰ পৰা মোস্তাক হুছেইনে।
Comments (0)
Add Comment