চিলিণ্ডাৰৰ ব্যৱসায়েৰে স্বাৱলম্বী এগৰাকী নাৰী

চিলিণ্ডাৰৰ ব্যৱসায়েৰে স্বাৱলম্বী এগৰাকী নাৰী

WhatsApp Image 2018-03-09 at 3.46.56 PM

সাহসিকতা, ধৈৰ্য্যশীল তথা ব্যতিক্ৰমী কৰ্ম চিন্তাৰে আনৰো অনুপ্ৰেৰণা যোগাব পৰা এগৰাকী মহিলা। তেখেতে কঠোৰ জীৱন সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰিছে। এইগৰাকী নাৰী হৈছে পলাশবাৰী সমষ্টিৰ দখলাৰ গাৱৰ নিবাসী অলকা দাস। বয়স প্ৰায় ৪০ বছৰ। স্বামী নৱীন দাসে দিন হাজিৰা কৰি পোৱা টকাৰে চলিবলৈ কঠিন হোৱাৰ বাবে অলকা দাসে নিজৰ উপাৰ্জন পথ হিচাপে বাচি ল’লে চিলিণ্ডাৰৰ ব্যৱসায়। উল্লেখযোগ্য যে তেখেতে চিলিণ্ডাৰ ঘৰে ঘৰে গৈ বিতৰণ কৰে।

WhatsApp Image 2018-03-09 at 3.47.50 PM

এটি কন্যা আৰু এটি পুত্ৰ সন্তানৰ মাতৃ হৈ সিহঁতক ডাঙৰ দীঘল কৰাৰ তাগিদাত গেছ এজেঞ্চিৰ পৰা ভৰ্তি চিলিণ্ডাৰ চাইকেলৰে কঢ়িয়াই পলাশবাৰী, পাৰ্ল্লী, মিৰ্জা, উপৰহালী, দখলা, সৰপাৰা আদি বিভিন্ন অঞ্চলত চাইকেল চলাই ঘৰে ঘৰে গৈ বিতৰণ কৰে। প্ৰায় ১০-১১ বছৰৰ পৰাই ধৈৰ্য্য, সাহস তথা আত্মবিশ্বাসৰে আৰম্ভ কৰা এই ব্যৱসায়ৰ জৰিয়তে অলকা দাসে স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে।

জিতু মনি দাস, মিৰ্জা
এন ই ফ’কাচ ডট কম

Comments (0)
Add Comment